বৰমা, ১২ মে’: বৰমা আঞ্চলিক ছাত্ৰ সন্থাই এই অঞ্চলত সঘনাই বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে আৰু নিয়মীয়া বিদ্যুৎ যোগানৰ দাবী তুলি সোমবাৰে এক বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷
বৰমাত শক্তি বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ - বৰমা
বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বৰজাৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়লৈ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চৰকাৰ হায় হায়, শক্তি বিভাগৰ মন্ত্ৰী তপন গগৈ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায় আদি শ্ল’গান দি উত্তাল কৰি তোলে ৰাজপথ ।
বৰমাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বৰজাৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়লৈ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চৰকাৰ হায় হায়, শক্তি বিভাগৰ মন্ত্ৰী তপন গগৈ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায় আদি শ্ল’গান দি উত্তাল কৰি তোলে ৰাজপথ । বৰমাত অনিয়মীয়া যোগানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ তাৰে প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷