বাক্সা, 2 মে’:সোমবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ 61 সংখ্যক অধিৱেশন (61st session of Bodo Sahitya Sabha at Tamulpur) ৷ তামুলপুৰৰ গৌজন পথাৰত আৰম্ভ হৈছে এই অধিৱেশন ৷ অধিৱেশনৰ দিনা পুৱা আদৰণি সমিতিৰ সভাপতি ধৰ্ম নাৰায়ণ দাসে ৰঙা ফিটা কাটি অধিৱেশনৰ মূল তোৰণ মুকলি কৰে ৷
ইয়াৰ পাছতে বৃক্ষৰোপন, অতিথিশালাকে ধৰি বিভিন্ন কাৰ্যালয় দ্বাৰ পৰ্যায়ক্ৰমে উদ্বোধন কৰা হয় ৷ উল্লেখ্য যে, ৰাজ্যৰ উপৰিও বাংলাদেশ, ত্ৰিপুৰা আৰু নেপালৰ পৰা প্ৰতিনিধি আৰু অতিথিয়ে এই অধিবেশনত অংশগ্ৰহণ কৰিব ।