নলবাৰী, 30 এপ্ৰিলঃ দিল্লীৰ মথুৰাপুৰত কৰ'ণাত আক্ৰান্ত হয় টিহুৰ এগৰাকী চিআৰপিএফ জোৱান । জোৱান গৰাকী 31 নং বেটেলিয়নত কৰ্মৰত বুলি জানিব পৰা গৈছে । জোৱান গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰাৰ পিচতে, সম্প্ৰতি তেওঁক দিল্লীৰ মান্দোলীৰ কোৱাৰেণ্টাইন কেম্পত ৰখা হৈছে ।
জোৱানগৰাকী এই মহামাৰীত আক্ৰান্ত হোৱাৰ বিষয়ে অৱগত হোৱাৰ পিচতে তেওঁৰ পৰিয়ালৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । 2019 চনৰ ডিচেম্বৰত জোৱান গৰাকী ছুটীত ঘৰলৈ আহিছিল আৰু ২০২০ চনৰ ফেব্ৰুৱাৰীত পুনৰ কৰ্মস্থলীত যোগদান কৰিছিল বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, পৰিয়ালৰ লোকে জোৱান গৰাকীৰ চিকিৎসা লেহেমীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ।