অসম

assam

ETV Bharat / state

বাক্সাৰ নতুন আৰক্ষী অধীক্ষকক অভিনন্দন সাংবাদিক সন্থাৰ - JOURNALIST ASSOCIATION OF BAKSA WELCOME NEW SP OF BAKSA

বাক্সা জিলাৰ বিটিএডি সাংবাদিক সন্থাই জিলাখনত নতুনকৈ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা ৰাজেন সিঙক তেখেতৰ কাৰ্যালয়ত সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰে । আৰক্ষী অধীক্ষক গৰাকীয়ে জিলাখনৰ সাম্প্ৰতিক আইন-শৃংখলা পৰিস্থিতি সম্পৰ্কেও সাংবাদিক সন্থাৰ নেতৃত্বৰ সৈতে আলোচনা কৰে ।

SP OF BAKSA
আৰক্ষী অধীক্ষক ৰাজেন সিঙক অভিনন্দন

By

Published : May 21, 2021, 5:50 PM IST

বাক্সা,২১ মে':শেহতীয়াকৈ চৰকাৰৰ গৃহ বিভাগে দিয়া নিৰ্দেশনা অনুসৰি বাক্সা জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰিছে ৰাজেন সিঙে । ইয়াৰ পিছতে জিলাখনৰ বিভিন্ন দল-সংগঠনে নতুন আৰক্ষী অধীক্ষক গৰাকীক সম্বৰ্ধনা জনোৱা দেখা গৈছে ।বাক্সা জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক ৰাজেন সিঙক শুকুৰবাৰে আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰে বিটিএডি সাংবাদিক সন্থাই ।

বাক্সা জিলা বিটিএডি সাংবাদিক সন্থাই জিলাখনত নতুনকৈ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা ৰাজেন সিঙক তেখেতৰ কাৰ্যালয়ত সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰে । বিটিএডি সাংবাদিক সন্থাৰ বাক্সা জিলা সমিতিৰ উপদেষ্টা খ্ৰৌমচাৰ বসুমতাৰী, সাধাৰণ সম্পাদক নিৰেন কুমাৰ শৰ্মা, পত্ৰিকা সম্পাদক দীপাংকৰ বৰুৱা, সদস্য দিলীপ কুমাৰ বড়ো, নাৰায়ণ পৰাজুলি আৰু অজয় বড়োৱে নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৰাকীক সাক্ষাৎ কৰি আৰনাই আৰু সন্থাৰ মুখপত্ৰ প্ৰদান কৰি অভিনন্দন জ্ঞাপন কৰে ।

ইফালে আৰক্ষী অধীক্ষক গৰাকীয়ে জিলাখনৰ সাম্প্ৰতিক আইন-শৃংখলা পৰিস্থিতি সম্পৰ্কে সাংবাদিক সন্থাৰ নেতৃত্বৰ সৈতে আলোচনা কৰে ।

লগতে পঢ়ক:বিধায়ক বলীন চেতিয়াৰ পিতৃৰ বিয়োগ

ABOUT THE AUTHOR

...view details