বাক্সা,8 ফেব্ৰুৱাৰী : প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত অসম চৰকাৰে আগবঢ়োৱা ড৹ বাণীকান্ত কাকতি মেধা বঁটাৰে বিভূষিত হয় বাক্সা জিলাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰেইনবো একাডেমী ৷ মুছলপুৰস্থিত এইখন শিক্ষানুষ্ঠানৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মুঠ 24 গৰাকী ছাত্ৰীয়ে লাভ কৰিলে একোখনকৈ স্কুটি ৷
মুছলপুৰত 24 গৰাকী ছাত্ৰীৰ স্কুটি লাভ - বাক্সা
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বাক্সা জিলাৰ মুছলপুৰৰ ৰেইনবো একাডেমীৰ মুঠ 24 গৰাকী ছাত্ৰীৰ স্কুটি লাভ ৷ সোমবাৰে ছাত্ৰী কেইগৰাকীক আমন্ত্ৰণ জনাই উষ্ম আদৰণি জনায় শিক্ষানুষ্ঠান কৰ্তৃপক্ষই ৷
ৰেইনবো একাডেমীৰ 24 গৰাকী ছাত্ৰীৰ স্কুটী লাভ
সোমবাৰে স্কুটি লাভ কৰা ছাত্ৰীসকলক আমন্ত্ৰণ জনাই উষ্ম আদৰণি জনায় শিক্ষানুষ্ঠান কৰ্তৃপক্ষই ৷ ইয়াৰ পাচতে স্কুটি লাভ কৰা ছাত্ৰীসকলে মুছলপুৰ চহৰত এক সজাগতামূলক সমদল উলিয়ায় ৷ স্কুটি পোৱা ছাত্ৰী কেইগৰাকীয়ে ৰেইনবো একাডেমী কৰ্তৃপক্ষ আৰু অসম চৰকাৰক ধন্যবাদ জনায় ৷
লগতে পঢ়ক :ধেমাজিত চুতীয়া যুৱ সন্মিলনৰ সংবাদমেল