অসম

assam

ETV Bharat / state

বন্ধৰ উপক্ৰম নাট পৰম্পৰাৰ বাহক ভ্ৰাম্যমাণ থিয়েটাৰ - নয়নতৰা থিয়েটাৰ

গভীৰ সংকটত ভ্ৰাম্যমাণ থিয়েটাৰ । দীৰ্ঘদিনৰ বিৰতিৰ পিছত পৰৱৰ্তী নাট্যবৰ্ষত দলসমূহে নাটৰ পাতনি মেলিব পাৰিবনে নোৱাৰে তাক লৈ সৃষ্টি হৈছে গভীৰ অনিশ্চয়তা ৷

mobile-theatre-industry-downfall
বন্ধ হৈ যাব নেকি ভাম্যমাণ থিয়েটাৰ ?

By

Published : May 25, 2021, 9:57 AM IST

বাক্সা,25 মে': অসমৰ সাংস্কৃতিক জগতৰ এক স্বাভিমান স্বৰূপ ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগ ৷ সমগ্ৰ বিশ্বতে বিৰল ভ্ৰাম্যমাণ থিয়েটাৰ যে কেবল মাত্ৰ অসমৰ সাংস্কৃতিক জগতখনৰে চিনাকি তেনে নহয় ৷ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ বিশ্বৰ নাট্যক্ষেত্ৰৰ এক চিনাকি নাম ৷ সেইবাবে হয়তো অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দৰে স্থানতো সমাদৃত হয় ৷ ভ্ৰাম্যমাণৰ মঞ্চত এসময়ত 'টাইটানিক'ৰ দৰে নাটকৰ প্ৰদৰ্শনে বিশ্বৰ নাট্য ক্ষেত্ৰত আলোড়নৰ সৃষ্টি কৰিছিল ৷

সম্প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে এই উদ্যোগটোত ৷ ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা চিৰদিনলৈ নোহোৱা হৈ যোৱাৰ আশংকাত ভূগিছে থিয়েটাৰ উদ্য়োগটো ৷ সমান্তৰালকৈ এই বিষয়ত উত্থাপিত হৈছে বহু প্ৰশ্ন ৷ অসমৰ অনন্য নাট পৰম্পৰাৰ বাহক ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগলৈ আহিছে মহাবিপদ ৷ বহু সৰু-বৰ উদ্যোগৰ দৰেই ক'ৰণা কালে বিপদাপন্ন কৰি তুলিছে ভ্ৰাম্যমাণ থিয়েটাৰক ৷

প্ৰথমে বিগত ২০১৯-২০ বৰ্ষত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে নাট প্ৰদৰ্শনত ব্যাঘাত জন্মোৱাৰ পিছত পৰৱৰ্তী সময়ত ক'ৰণাৰ বাবে জাৰি কৰা লক ডাউনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ২০২০-২১ বৰ্ষৰ নাট প্ৰদৰ্শন ৷

গভীৰ সংকটত ভ্ৰাম্যমাণ থিয়েটাৰ

ফলত বিগত সময়চোৱাত থিয়েটাৰ উদ্যোগটোৰ লগত জড়িত কলা-কুশলী তথা শিল্পীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয় ৷ জীৱন নিৰ্বাহৰ বাবে কলা-কুশলীসকলে অন্য পথ ল’লেও অপেক্ষাত আছিল পুনৰ সুদিন ঘুৰি অহালৈকে ৷ কিন্তু সম্প্ৰতি ৰাজ্যখনত ক'ৰণা মহামাৰীৰ দ্বিতীয়টো লহৰৰ ক্ৰমবৰ্ধমান প্ৰকোপলৈ লক্ষ্য ৰাখি অনাগত নাট্যবৰ্ষত দলসমূহে নাটৰ পাতনি মেলিব পাৰিব নে নোৱাৰে তাক লৈ সৃষ্টি হৈছে গভীৰ অনিশ্চয়তা ৷

উল্লেখ্য যে, বিটিআৰৰ একমাত্ৰ ভ্ৰাম্যমান নাট্যদল নয়নতৰা থিয়েটাৰ কৰ্তৃপক্ষ সম্মুখীন হৈছে যথেষ্ট সমস্যাৰ ৷ কিয়নো, বিগত দুটা বছৰে নাট্যদলটোৰ অব্যৱহৃত সা-সামগ্ৰীবোৰ ক্ৰমাৎ বিনষ্ট হ’বলৈ ধৰিছে ৷

আনহাতে, পৰৱৰ্তী নাট্যবৰ্ষত দলটোৱে নাট প্ৰদৰ্শন কৰিব পাৰিব নে নোৱাৰে সেয়াও থিৰাং কৰিব নোৱাৰাত বিমোৰত পৰিছে নয়নতৰা থিয়েটাৰৰ প্ৰযোজক নিকুঞ্জ দাস ৷ অৱশ্যে ক'ভিডৰ সংক্ৰমণ হ্ৰাস হ'লে চলিত বছৰত ৫ মাহৰ বাবে হ'লেও নাট প্ৰদৰ্শন কৰিব পাৰিব বুলি আশাবাদী প্ৰযোজক গৰাকী ।

লগতে পঢ়ক:অখিল গগৈ মানসিক ৰোগী: কিয় ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

ABOUT THE AUTHOR

...view details