বাক্সা, ১৭ জুন :ৰাজ্যৰ প্ৰায় সংখ্যক জিলাতে বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Floods in Assam)। হাজাৰ হাজাৰ গাঁও প্লাৱিত হোৱাৰ লগতে জলবন্দী লক্ষাধিক জনতা । বাক্সা জিলাৰ বান পৰিস্থিতিও বৰ্তমান ভয়াৱহ হৈ পৰিছে (Floods in Baksa)। জিলাখনৰ বহু গাঁও ইতিমধ্যে প্লাৱিত হৈছে ।
বহু লোকৰ ঘৰ-দুৱাৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । যাৰ বাবে একাংশ লোকে আশ্ৰয় শিবিৰ অথবা সুৰক্ষিত স্থানত আশ্ৰয় লৈছে । ইয়াৰ মাজতে শুকুৰবাৰে জিলাখনৰ বান পৰস্থিতিৰ বুজ ল'বলৈ বাক্সাত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika inspects flood situation of Baksa)৷ বৰশিমলুগুৰি হাইস্কুলৰ আশ্ৰয় শিবিৰত থকা ২৮ টা পৰিয়ালক সাক্ষাৎ কৰে মন্ত্ৰীগৰাকীয়ে (Piyush Hazarika visits flood Shelter Camp in Baksa) ৷
Flood situation in Baksa : বাক্সাত বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰিয়ালসমূহৰ লগতে শিবিৰৰ ওমলাঘৰৰ শিশুসকলৰ মুখত কবিতা আবৃত্তিও শুনে মন্ত্ৰীগৰাকীয়ে । আনহাতে বানত বিধ্বস্ত হোৱা পৰিয়ালসমূহৰ ঘৰবোৰ মেৰামতিৰ বাবে চৰকাৰী আৰ্থিক সাহায্য দিয়াৰ বাবে জিলা উপায়ুক্ত আয়ুষ গাৰ্গক নিৰ্দেশ দিয়ে মন্ত্ৰী হাজৰিকাই ৷
ইফালে কংগ্ৰেছে আয়োজন কৰা যজ্ঞত যাতে নীতি-নিয়ম উলংঘা নহয় তাৰ প্ৰতিও নজৰ ৰাখিবলৈ কংগ্ৰেছক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ মাজতে বিৰোধী কংগ্ৰেছ দলক সমালোচনাও কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । তেওঁৰ মতে বিগত নিৰ্বাচন কেইটাত কংগ্ৰেছে আলু গুটিহে লাভ কৰিছে । আনহাতে ৰাজ্যত বান পৰিস্থিতি উন্নত হোৱাৰ পাছতে মথাউৰিসমূহৰ মেৰামতিৰ কামো আৰম্ভ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে ।
লগতে পঢ়ক :Flood situation of Assam : ৰাজ্যত বছৰৰ দ্বিতীয়টো বানে লৈছে ভয়ংকৰ ৰূপ