তামুলপুৰ, ১ মেঃ তামুলপুৰৰ গোৰেশ্বৰ টাউনৰ মাজমজিয়াত পালন বুধবাৰে চিটু, শ্ৰমিক ইউনিয়ন, কৃষক মজদুৰ আদি সংগঠনে পালন কৰে মে' দিৱস। মে' দিৱসৰ ৰক্ত পতাকা উত্তোলন কৰে কামৰূপ জিলাৰ নিৰ্মাণ শ্ৰমিক ইউনিয়ন সমিতিৰ সম্পাদনক খগেন ডেকাই। শ্বহীদৰ স্মৃতিত পুষ্পাঞ্জলী অৰ্পণ কৰে কৃষক নেতা কৰুণ ভূঞা আৰু ধৰনী বড়োৱে।
গোৰেশ্বৰত মে' দিৱস উদযাপন
তামুলপুৰৰ গোৰেশ্বৰ টাউনৰ মাজমজিয়াত বহুকেইটা সংগঠনৰ সহযোগত পালন কৰা হয় মে' দিৱস । মে' দিৱসৰ ৰক্ত পতাকা উত্তোলন কৰে খগেন ডেকাই । এই আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে কৃষক শ্ৰমিক নেতা বসুদেৱ কলিতা, কৰুণা ভূঞা আৰু যুৱনেতা বিৰাজ ডেকা৷
গোৰেশ্বৰত মে' দিৱস উদযাপন
গোৰেশ্বৰৰ ৰাজপথেৰে শোভাযাত্ৰা উলিওৱাৰ পাছতে দিনৰ ১২ বজাত গোৰেশ্বৰস্থিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভৱনত বিশিষ্ট কবি, সাহিত্যিক আজিত তালুকদাৰৰ সঞ্চালনাত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে কৃষক শ্ৰমিক নেতা বসুদেৱ কলিতা,কৰুণা ভূঞা আৰু যুৱনেতা বিৰাজ ডেকা। অনুষ্ঠানত ভাৰতীয় গণনাট্য সংঘৰ গোৰেশ্বৰ শাখাৰ শিল্পীসকলে কেইবাটাও গণ সংগীত পৰিৱেশন কৰে।