বাক্সা, ১৪ ফেব্ৰুৱাৰী : আজি ১৪ ফেব্ৰুৱাৰী । সকলোৱে আজিৰ দিনটো প্ৰেমৰ দিন বুলিয়েই জানে । কিন্তু আজিৰ এই দিনটো ভাৰতবৰ্ষৰ ইতিহাসৰ এক ক’লা অধ্যায় । আজিৰ এই দিনটোতে কাশ্মীৰৰ পুলুৱামাত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত ভাৰতীয় চি আৰ পি এফ বাহিনীৰ 40 গৰাকীতকৈ অধিক জোৱান শ্বহীদ হৈছিল ।
অসমৰো চি আৰ পি এফ বাহিনীত কৰ্মৰত জোৱান কাশ্মীৰৰ পুলুৱামাৰ এই বোমা বিস্ফোৰণত শ্বহীদ হৈছিল । ভাৰতবৰ্ষৰ ইতিহাসৰ সেই ক’লা দিনটো স্মৰণ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ শ্বহীদ চি আৰ পি এফ বাহিনীৰ জোৱানসকলৰ ঘৰত বিভিন্নজন ব্যক্তি উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
পুলৱামাৰ বিস্ফোৰণত শ্বহীদ বাক্সাৰ মনেশ্বৰ বসুমতাৰীক স্মৰণ বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী গাঁৱৰ নিবাসী মনেশ্বৰ বসুমতাৰীও পুলৱামাৰ বোমা বিস্ফোৰণত শ্বহীদ হৈছিল ৷ আজি শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰত ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ দল এটা উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
শ্বহীদ মনেশ্বৰ বসুমতাৰী ৯৮ বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ জোৱান আছিল ৷ ভাৰতীয সেনাবাহিনীৰ লগতে স্থানীয় অঞ্চলবাসী ৰাইজে এই শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জনাই লগতে দেশৰ হকে নিজৰ প্ৰাণ উচৰ্গা কৰি সৰ্বসাধাৰণক দিয়া অৱদানক স্মৰণ কৰে ।
লগতে পঢ়ক :ৰাহুল গান্ধী শিৱসাগৰলৈ আহি ভুল কৰিলে: হিমন্ত বিশ্ব শৰ্মা