অসম

assam

By

Published : Aug 4, 2020, 12:50 PM IST

ETV Bharat / state

লক ডাউনে হ্ৰাস কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ৰাজহ

লক ডাউনৰ বাবে বিগত 4-5 মাহে ৰাষ্ট্ৰীয় উদ্যান খনত পৰ্যটকৰ প্ৰৱেশ বন্ধ হৈ আছে ৷ যাৰ বাবে ৰাজহ সংগ্ৰহৰ পৰা বঞ্চিত হৈছে উদ্যান খনৰ কৰ্তৃপক্ষ তথা পৰ্যটন বিভাগ ৷

Manas national park is in loss due to Lock down
লক ডাউনে হ্ৰাস কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ৰাজহ

বাক্সা, 4 আগষ্ট: দেশজুৰি বাহাল থকা লক ডাউনৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত তীব্ৰ আৰ্থিক সংকটত ভুগিছে দেশৰ লাখ লাখ সাধাৰণ লোক ৷ ইয়াৰ সমান্তৰালকৈ দেশ তথা ৰাজ্যৰ পৰ্যটন কেন্দ্ৰ সমুহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা হোটেল-লজ সমুহৰ মালিক তথা কৰ্মচাৰী সমুহো তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে ৷ লক ডাউনৰ বাবে অসমৰ অন্যতম পৰ্যটন কেন্দ্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানো সন্মুখীন হৈছে ব্যাপক লোকচানৰ ৷ ইয়াৰ ওপৰিও লোকচানৰ সন্মুখীন হৈছে ৰাষ্ট্ৰীয় উদ্যান খনক কেন্দ্ৰ কৰি আশে পাশে গঢ়ি উঠা হোটেল-লজ সমুহৰ মালিকসকল ৷

লক ডাউনে হ্ৰাস কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ৰাজহ

উল্লেখ্য যে,লক ডাউনৰ বাবে বিগত 4-5 মাহে ৰাষ্ট্ৰীয় উদ্যান খনত পৰ্যটকৰ প্ৰৱেশ বন্ধ হৈ আছে ৷ যাৰ বাবে ৰাজহ সংগ্ৰহৰ পৰা বঞ্চিত হৈছে উদ্যান খনৰ কৰ্তৃপক্ষ তথা পৰ্যটন বিভাগ ৷ ৰাষ্ট্ৰীয় উদ্যান খনৰ কৰ্তপক্ষই জনোৱা অনুসৰি বিগত বছৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটক,হাতী চাফাৰি,জীপ চাফাৰিৰ পৰা ৰাজহ সংগ্ৰহ হৈছিল 1 কোটি 6 লাখ টকা ৷ কিন্তু চলিত বৰ্ষত এই ৰাজহৰ পৰিমাণ হ্ৰাস হৈ হয়গৈ 1 কোটি 2 লাখ টকা ৷

লক ডাউনে হ্ৰাস কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ৰাজহ

ইফালে পৰ্যটকৰ আগমণ বন্ধ হৈ পৰাৰ লগে লগে বন্ধ হৈ পৰিছে উদ্যান খনৰ ভিতৰত থকা হোটেল-লজ সমুহ ৷ যাৰ ফলত একপ্ৰকাৰ আৰ্থিক সংকটত পৰিছে ইয়াৰ কৰ্মচাৰী আৰু মালিক পক্ষ ৷ দেশলৈ স্বাভাৱিক পৰিৱেশ ঘুৰি আহিলেই পুনৰ ৰাষ্ট্ৰীয় উদ্যান খনৰ ৰাজহৰ পৰিমাণ বৃদ্ধি পাব বুলি উল্লেখ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ বানাক্ৰান্তক দুৰ্ব্যৱহাৰ বিধায়ক বলিন চেতিয়াৰ

ABOUT THE AUTHOR

...view details