বাক্সা,4 মে': ক'ভিড-19 ৰ দ্ৰুত সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পৰা বন্ধ কৰি দিয়া হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ অনিৰ্দিষ্টকালীন সময়ৰ বাবে পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ হিচাপে পৰিচিত ৰাষ্ট্ৰীয় উদ্যানখন ৷
পৰ্যটকৰ বাবে বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান - ৰেঞ্জাৰ
বন্ধ কৰা হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ ক'ভিড-19 ৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্টকালীন সময়লৈ পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰা হ’ল ৰাষ্ট্ৰীয় উদ্যানখনত ।
পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ'ল বিশ্ব ঐতিহ্যক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যান
কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ অধীনষ্ঠ "নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি"ৰ উপ মহা পৰিদৰ্শক আৰু সহকাৰী উপ মহা পৰিদৰ্শকৰ নিৰ্দেশমৰ্মে এই কথা সদৰী কৰিছে মানাহৰ বাঁশবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্মই । ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকূলৰ মাজত যাতে ক'ভিড-19 বিয়পিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷
লগতে পঢ়ক :ক'ভিড-১৯: ভয়াৱহ পৰিস্থিতিৰ দিশে অসম