বাক্সা,2 মে’ : বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ শশীপুৰত চৰকাৰী চাউল বিতৰণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি । লক্ ডাউনৰ সময়ছোৱাত চৰকাৰে ৰেচন কাৰ্ড নথকা লোকক 5 কিলোগ্ৰামকৈ চাউল যোগান ধৰি আহিছে যদিও বিভিন্ন অঞ্চলত প্ৰকৃত হিতাধিকাৰীয়ে এই সাহায্য লাভ কৰা নাই ৷ একাংশ বিতৰকৰ ভুলৰ বাবে চৰকাৰী চাউল লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে দৰঙামেলাৰ ৰেচন কাৰ্ড নথকা অধিকাংশ মহিলাই ৷ যাৰ বাবে লক্ ডাউন উলংঘা কৰি কোনো সামাজিক দূৰত্ব বজাই নৰখাকৈ শতাধিক মহিলা ওলাই আহি শশীপুৰ হাইস্কুল চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷
বাক্সাত লক্ ডাউন উলংঘা ক্ষুধাৰ্ত জনতাৰ - লক্ ডাউন
বাক্সাত চৰকাৰী চাউল বিতৰণক লৈ সৃষ্টি উত্তপ্ত পৰিস্থিতি ৷ লক্ ডাউন উলংঘা কৰি ওলাই আহে শতাধিক ক্ষুধাৰ্ত লোক । বাক্সাৰ শশীপুৰ হাইস্কুলত সংঘটিত হৈছে এই ঘটনা ৷
লক্ ডাউন উলংঘা
শেহতীয়াভাৱে কেইবাজনো লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতো সজাগ হোৱা নাই সমাজৰ এচাম লোক ৷ ইফালে এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ তামুলপুৰ মহকুমাত ।