তামুলপুৰ, 8জানুৱাৰীঃবাক্সাত তামুলপুৰ আঞ্চলিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই চিটুৰ আহ্বানত বুধবাৰে ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অংগনবাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দি মাহিলি মজুৰি 18 হাজাৰ টকা ধাৰ্য্য কৰা আৰু 13 দফীয়া দাবীত ধৰ্মঘট কৰে ৷ বহু কেইটা দাবী উত্থাপন কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷ চিটুৰ আহ্বানত সন্থাৰ 13 দফীয়া দাবীৰ ভিত্তিত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি তামুলপুৰ আঞ্চলিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী মেৰী বসুমতাৰী আৰু সম্পাদিকা নিলীমা ডেকাই অতিশীঘ্ৰে তেওঁলোকৰ এই দাবী সমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰক সকীয়াই দিয়ে ৷ অন্যথা ইয়াতকৈ অধিক জোৰদাৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ৷
ৰাজ্যজুৰি ট্ৰেড ইউনিয়নৰ প্ৰতিবাদ - rangia CITU protest
22:12 January 08
বাক্সাৰ তামুলপুৰত অংগনৱাডী কৰ্মী আৰু সহায়িকা সন্থাৰ দুইঘণ্টীয়া অৱস্থান ধৰ্মঘট
16:57 January 08
ৰঙিয়াত চি আই টি ইউৰ প্ৰতিবাদ, সৰ্বাত্মক বন্ধ
ৰঙিয়া , 8 জানুৱাৰীঃ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্বনসমুহে আহ্বান জনোৱা 24 ঘন্টীয়া ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৰঙিয়াতো পৰা পৰিলক্ষিত হৈছে । বিজেপি চৰকাৰৰ ৰাজহুৱা খণ্ড তথা শ্ৰমিক-কৰ্মচাৰী বিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত চিটুয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ চিটুৰ আহ্বানত ৰঙিয়াৰ চিপিএমৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা সমদলত চিটুৰ অন্তৰ্গত আটাইকেইটা সংগঠনৰ সদস্যই অংশগ্ৰহণ কৰে । প্ৰতিবাদী সমদলটোৱে চৰকাৰ বিৰোধী শ্লোগান দিয়াৰ উপৰিও নাগৰিকত্ব সংশোধনী আইন, 2019 কোনো কাৰণতে মানি লোৱা নহ'ব বুলি চৰকাৰক সকিয়াই দিয়ে কামৰূপ জিলা চিটুৰ সভাপতি বিবেকানন্দ অধিকাৰীয়ে ।