বাক্সা, 4 জানুৱাৰীঃ আন্দোলন প্ৰতিবাদৰ মাজতে ৰাজ্যত আৰম্ভ হৈছে খেলো ইণ্ডিয়াৰ প্ৰস্তুতি। তৃতীয় খেলো ইণ্ডিয়া কাৰ্যক্ৰমৰ শিখা সমদলৰ শুভাৰম্ভ হ'ল বাক্সা জিলাৰ মুছলপুৰত । শনিবাৰে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা তৃতীয় খেলো ইণ্ডিয়া কাৰ্য্যক্ৰমৰ শিখা সমদলৰ শুভাৰম্ভ কৰে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই । অসমৰ ভিতৰত নলবাৰী জিলাৰ পাছতে বাক্সা জিলাৰ সদৰ মুছলপুৰত এই শিখা সমদলৰ শুভাৰম্ভ কৰা হয় । শিখাৰ প্ৰজ্বলক মুছলপুৰ মহকুমা ক্ৰীড়া বিষয়া গজেন দাসে শিখাটি অৰ্পণ কৰে জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাৰ হাতত। শিখা সমদলত আন্তৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ কল্পনা চৌধুৰী,জিন্টু গগৈ ,অতিৰিক্ত উপায়ুক্ত মৃগাংক চৌধুৰী , সহ আয়ুক্ত জয়ন্ত দত্ত, মানৱেন্দ্ৰ ভৰালীৰ লগতে বহু খেলুৱৈ আৰু ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
বাক্সাৰ মুছলপুৰত খেলো ইণ্ডিয়াৰ শিখা সমদলৰ শুভাৰম্ভ - খেলো ইণ্ডিয়া
শনিবাৰে বাক্সাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা তৃতীয় খেলো ইণ্ডিয়া কাৰ্য্যক্ৰমৰ শিখা সমদলৰ শুভাৰম্ভ কৰে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই। অসমৰ ভিতৰত নলবাৰী জিলাৰ পাছতে বাক্সা জিলাৰ সদৰ মুছলপুৰত এই শিখা সমদলৰ শুভাৰম্ভ কৰা হয় ।
বাক্সা জিলাত তৃতীয় খেলো ইণ্ডিয়া কাৰ্য্যক্ৰমৰ শিখা সমদল