অসম

assam

ETV Bharat / state

বৰনদী অভয়াৰণ্যত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল জীপ ছাফাৰী

ভাৰত-ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল জীপ ছাফাৰী। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জিত তানটি, ৰণেন নাৰ্জাৰী, ধৰ্মনাৰায়ন দাস, এন কে বৰদলৈ, দিবাকৰ দাস, এন.কে শইকীয়া, আলোক পাঠক আদি উপস্থিত থাকে ।

jeep-safari-officially-launched-at-bornadi-sanctuary
বৰনদী অভয়াৰণ্যত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল জীপ ছাফাৰী

By

Published : Feb 17, 2021, 10:39 PM IST

বাক্সা, ১৭ ফেব্ৰুৱাৰী: ভাৰত-ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল জীপ ছাফাৰী। এই উপলক্ষে মঙলবাৰে বগামাটিৰ সমীপৰ পীলখানাত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জিত তানটি, ৰণেন নাৰ্জাৰী, ধৰ্মনাৰায়ন দাস, এন কে বৰদলৈ, দিবাকৰ দাস, এন.কে শইকীয়া, আলোক পাঠক আদি লোক সকল উপস্থিত থাকে ।

বৰনদী অভয়াৰণ্যত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল জীপ ছাফাৰী

উল্লেখ্য যে, বিলুপ্তিপ্ৰায় নল গাহৰিৰ বাবে বিখ্যাত বৰনদী অভয়াৰণ্য ময়ূৰ চৰাই, বনৰীয়া গাহৰি, বনৰীয়া ম'হ, নাহৰফুটুকী বাঘ, হাতী আদিৰ লগতে বিভিন্ন প্ৰকাৰৰ সৰীসৃপ প্ৰাণীৰ বাসভূমি । গতিকে দুঃসাহসিক ক্ৰীয়াৰ লগতে বন্যপ্ৰাণী পৰ্যটনে আগন্তুক সময়ত বগামাটি আৰু বৰনদী অভয়াৰণ্যক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details