অসম

assam

ETV Bharat / state

বাক্সাত এন আৰ চিক প্ৰত্যাহ্বান শতাধিক পৰিয়ালৰ - তামুলপুৰ

ৰাজ্যত অব্যাহত আছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিৰ্তক ৷ তামুলপুৰত শতাধিক পৰিয়ালে দাখিল নকৰিলে কোনো ধৰণৰ যাৱতীয় নথি ৷

বাক্সাত এন আৰ চিক প্ৰত্যহব্বান শতাধিক পৰিয়ালৰ

By

Published : Sep 19, 2019, 4:04 PM IST

Updated : Sep 19, 2019, 4:54 PM IST

বাক্সা, 19 চেপ্তেম্বৰ: ৰাজ্যত অৱসান ঘটা নাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ উদ্ভৱ হোৱা বিৰ্তকৰ ৷ যোৱা 31 আগষ্টত প্ৰকাশ পাইছিল অসমৰ জাতীয় দলিল খ্যাত বহু প্ৰত্যাক্ষিত এন আৰ চিৰ চূড়ান্ত তালিকা য'ত বাদ পৰিছিল ১৯,০৬,৬৫৭ জন লোকৰ নাম ৷ তাৰ পাছৰে পৰা বাদ পৰা লোকসকলৰ তালিকাত ভূমিপুত্ৰ তথা খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন দল সংগঠনে ৷ যাৰ ফলত এতিয়া ক্ৰমাৎঅধিক জটিলতাৰ দিশত আগবাঢ়িছে সমগ্ৰ এন আৰ চি প্ৰক্ৰিয়া ৷ বাক্সা জিলাত এইবাৰ এন আৰ চিক প্ৰত্যাহ্বান জনাইছে তামুলপুৰ মহকুমা ভাৰত ভূটান সীমান্তত শতাধিক চাওতালী লোকে ৷ চাহ বাগিচা অথবা ভূটানৰ পাহাৰত খৰি কাটি জীৱিকা নিৰ্বাহ কৰা এই আদিবাসী চাওতালী লোকৰ অধিকাংশই অজ্ঞ এন আৰ চি সন্দৰ্ভত , যাৰ ফলত দাখিল নকৰিলে কোনো ধৰণৰ যাৱতীয় নথি ৷ শেহতীয়াকৈ এন আৰ চিৰ বিষয়ে অৱগত হোৱাৰ পাছত এতিয়া লোকসকলে চৰকাৰক তেওঁলোকক আৰু এটা সুবিধা দিবলৈ আহ্বান জনাইছে, যাতে এই চাওতালী লোকসকলেও অন্তৰ্ভুক্ত কৰিব পাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত তেওঁলোকৰ নাম ৷

বাক্সাত এন আৰ চিক প্ৰত্যহব্বান শতাধিক পৰিয়ালৰ
Last Updated : Sep 19, 2019, 4:54 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details