বাক্সা , 28 মাৰ্চঃলোকসভা নিৰ্বাচন সমাগত ৷ ৰাজনৈতিক দল সমূহে ইতিমধ্যে নিজৰ দলৰ প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ বাবে প্ৰস্তুতি কৰি থকাৰ সময়তে কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীত্ব আগবঢ়াব কংগ্ৰেছ দলৰ প্ৰাক্তন নেতা মুন কুমাৰ বসুমতাৰীয়ে ৷
ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু বড়োলেণ্ডৰ বিৰোধিতা কৰিমঃ মুন কুমাৰ বসুমতাৰী - মুন কুমাৰ বসুমতাৰী
মুন কুমাৰ বসুমতাৰী ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী
সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত প্ৰাৰ্থীজনে অভিযোগ কৰে যে ১২ বছৰ পৰা কোকৰাঝাৰ লোকসভাৰ অন্তৰ্গত বৰমা, তামুলপুৰ, চাপাগুৰী, বিজনি, চিদলী আদি বিধানসভাৰ ৰাস্তা-ঘাট যেনে দৰে উন্নতি হ'ব লাগিছিল তেনে হোৱা নাই ৷ ইয়াৰোপৰিও তেখেতে প্ৰতিশ্ৰুতি দিয়ে যে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিজয়ী হ'ব পাৰিলে তেখেতে প্ৰথমে ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু বড়োলেণ্ড ৰাজ্য সৃষ্টিৰ বিৰোধিতা কৰিব ৷ লগতে শিক্ষা ক্ষেত্ৰখনত মন দি দুখীয়া পৰিয়ালৰ ছাত্ৰ- ছাত্ৰীসকলক বিশেষ সুবিধা দি উচ্চ শিক্ষা লব পৰাকৈ বিশেষ আঁচনি লব বুলিও উল্লেখ কৰে নিৰ্দলীয় প্ৰাৰ্থীজনে ৷ আনহাতে তেওঁক অবড়ো সংগঠন তথা সংখ্যালঘু সংগঠন আৰু বহু জাতীয় সংগঠনে ভিতৰি- ভিতৰি সমৰ্থন কৰি বহু হাজাৰ ভোটত বিজয় কৰাব বুলি নিৰ্দলীয় প্ৰাৰ্থী মুন কুমাৰ বসুমতাৰীয়ে জনায় ৷