অসম

assam

ETV Bharat / state

বাক্সাত ভুৱা ক্ৰীড়া সংগঠনৰ ভয়ানক জাল - Budo Association of India news

সমৰ-কলা শিকোৱাৰ নামত বাক্সা জিলাত জাল পাতিছে প্ৰৱঞ্চকৰ দলে ৷ ডাঃ বিজু সিং আৰু পৰেশ ডেকা নামৰ দুগৰাকী ব্যক্তিয়ে শিক্ষিত নিবনুৱা তথা খেলুৱৈৰ পৰা লক্ষাধিক টকা লুণ্ঠন কৰাৰ অভিযোগ ৷

বাক্সাত ভুৱা ক্ৰীড়া সংগঠনৰ ভয়ানক জাল

By

Published : Nov 8, 2019, 8:16 AM IST

বাক্সা, 7 নৱেম্বৰঃ ৰাজ্যৰ খেলুৱৈৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে একাংশ ভুৱা সংগঠনে ৷ শেহতীয়াকৈ বাক্সা জিলাত সংঘটিত হোৱা এক ঘটনাৰ পাচত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷

বাক্সাত ভুৱা ক্ৰীড়া সংগঠনৰ ভয়ানক জাল

জিলাখনৰ তামুলপুৰ মহকুমাৰদ্বাৰকুছিত 11জনকৈ সমৰকলা প্ৰশিক্ষাৰ্থীৰ পৰা প্ৰৱঞ্চকে লুটিলে ৩,৪৩,১০০ টকা ৷ পদোন্নতিকে ধৰি ৰেফাৰী নিযুক্তি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ টোপ প্ৰদান কৰি খেলুৱৈ কেইগৰাকীক ৰাম ঠগন দিয়ে ডাঃ বিজু সিং আৰু পৰেশ ডেকা নামৰ দুগৰাকী ব্যক্তিয়ে ৷ Budo Association of India নামে এক সংগঠন খুলি খেলুৱৈ কেইগৰাকীৰ পৰা লুটি নিয়ে বৃহৎ পৰিমাণৰ ধন ৷

খেলুৱৈকেইগৰাকীয়ে এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে ৷ সংবাদমেলত আৰক্ষী প্ৰশাসনক ডাঃ বিজু সিং আৰু পৰেশ ডেকাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে খেলুৱৈকেইগৰাকীয়ে ৷

লগতে পঢ়কঃধুবুৰীত ভূমি বিবাদকলৈ মোমাই ভাগিনৰ সংঘৰ্ষ

ABOUT THE AUTHOR

...view details