বৰমা, 21 এপ্ৰিল : ইতিমধ্যেই সমাপ্ত হ'ল তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ অন্তিমটো দিনৰ প্ৰচাৰ অভিযানত বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলালে বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷
বৰমাত হাগ্ৰামাৰ শেষ নিৰ্বাচনী প্ৰচাৰ
বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলালে বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷
বৰমাত হাগ্ৰামাৰ শেষ নিৰ্বাচনী প্ৰচাৰ
কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত কদমতল চকত নিৰ্বাচনী প্ৰচাৰসভাত অংশগ্ৰহণ কৰি নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াক সমালোচনা কৰে হাগ্ৰামাই ৷ নৱ শৰণীয়াৰ অপৰাধৰ খতিয়ান দাঙি ধৰি হাগ্ৰামাই কয় যে, ৰঞ্জন দৈমাৰীৰ দৰেই জেলৰ ভাত খাব লাগিব নৱ শৰণীয়াই ৷ আত্মসম্পৰ্ণকাৰী আলফা নেতাৰ পুনৰ সংস্থাপনৰ কাম আৰু এই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ দায়িত্ব নৱ শৰণীয়াই পূৰণ কৰা উচিত আছিল যদিও কোনো কামেই তেওঁ নকৰিলে বুলিও সমালোচনা কৰে বৰ্তমানৰ সাংসদগৰাকীক ৷