বৰমা, ১৫ ছেপ্টেম্বৰ :বিটিচিত বাঢ়িছে নিৰ্বাচনী তৎপৰতা ৷ বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও, নিৰ্বাচনী সভা আয়োজন কৰি ভোটাৰ ৰাইজৰ মন আকৃষ্ট কৰাত ব্যস্ত হৈ পৰিছে দল সমূহ ৷ বাক্সা জিলাৰ ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ ৰূপহীত মংগলবাৰে এখন নিৰ্বাচনী সভাত অংশ লয় বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ সমষ্টিটোৰ বিপিএফ দলৰ প্ৰাৰ্থী জয় মুছাহাৰীৰ বাবে প্ৰচাৰ চলাবলৈ গৈ হাগ্ৰামা মহিলাৰীয়ে সভাত কয় যে, 25 বছৰ বিটিচিত শাসন কৰি ৰূপালী জয়ন্তী পাতিব বিপিএফে ৷
তেওঁ ভাষণত কয় যে, বিপিএফ দলত সকলো জাতি-জনগোষ্ঠী একত্ৰিত হৈ আছে ৷ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা বিটিএডিত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীয়েই বিটিচি বাসী ৷ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োক কটাক্ষ কৰি মহিলাৰীয়ে কয় যে, বড়ো সকলে পৃথক বড়োলেণ্ড বিচাৰি আন্দোলন কৰিছিল ৷ ৰাস্তা-ঘাট মেৰামতি বা নতুনকৈ নিৰ্মাণৰ কাৰণে দাবী তুলিবলৈ আন্দোলন কৰা নাছিল ৷ পৰিষদীয় নিৰ্বাচনতেই নহয় গাঁওবুঢ়া পদৰ নিৰ্বাচন খেলিলেও প্ৰমোদ বড়ো হাৰিব বুলি তীৰ্যক মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
বিপিএফ দলে শাসনলৈ আহিলে বিটিএডিত যি সকলে মাটিৰ পাট্টা পোৱা নাই সেইসকল পৰিয়ালৰ জৰীপ কৰি মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰে মহিলাৰীয়ে ৷ দ্বিতীয়তে তেওঁ উল্লেখ কৰে যে, বিটিচিত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীকে উন্নয়ন পৰিষদ গঠন কৰি দিব, যাতে সকলো জনগোষ্ঠীয়েই একেলগে আগবাঢ়িব পাৰে ৷