অসম

assam

ETV Bharat / state

Eviction Notice at Darangamela : উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী দৰঙাবাসীৰ - Eviction Notice

উচ্ছেদৰ জাননী প্ৰেৰণ কৰাৰ পাছত ক্ষোভিত হৈ পৰিছে দৰঙামেলাৰ নিকটৱৰ্তী দৰঙা সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিনে বসবাস কৰি অহা লোক সকল ৷ উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী ৰাইজৰ ৷

Forest Department Eviction Notice at Darangamela
উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী ৰাইজৰ

By

Published : Aug 7, 2023, 3:52 PM IST

ক্ষোভিত দৰঙাবাসী

বাক্সা, ৮ আগষ্ট : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী দৰঙামেলাৰ নিকটৱৰ্তী দৰঙা সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিনে বসবাস কৰি অহা লোক সকলক উচ্ছেদৰ জাননী প্ৰেৰণ কৰাৰ পাছত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ সুদীৰ্ঘ বছৰ ধৰি বসবাস কৰি অহা ২১০ টা পৰিয়ালক বাক্সা জিলা বন প্ৰাধিকৰণ কাৰ্য্যালৰ পৰা উচ্ছেদৰ জাননী জাৰি কৰি ১৫ দিনৰ ভিতৰত এই অঞ্চল খালি কৰি দিয়াৰ সময়সীমা নিৰ্ধাৰণ কৰাৰ পিছৰে পৰা পৰিয়াল কেইটাৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷

ইতিমধ্যে আদিবাসী, চান্তালী ছাত্র সন্থা, আটছা, এবিএমছু আৰু ভূমি সুৰক্ষা সমিতিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিছে অঞ্চলবাসী ৰাইজে ৷ যিকোনো মুহুৰ্ততে বন বিভাগৰ লোক আহি উচ্ছেদ চলোৱা হ’ব বুলি জানিব পাৰিছে স্থানীয় লোক সকলে ৷ স্থানীয় লোক সকলে জানিবলৈ দিয়ে যে এই অঞ্চল কোনো বন বিভাগ অন্তৰ্ভূক্ত নহয় ৷ যদি বন বিভাগৰ হ’লহেঁতেন তেনেহলে বন কৰ্মচাৰী, বিষয়া সময়ে সময়ে এই অঞ্চলত দেখা গ’লহেতেন বুলি কয় স্থানীয় ৰাইজে ৷

স্থানীয় ৰাইজে কয় যে, ইমান বছৰৰ পিছত কেনেকৈ এই অঞ্চল ফৰেষ্টৰ মাটি বুলি ক’ব পাৰিলে ৷ যদি চৰকাৰক এই মাটি লাগে আমাৰ কব লগা নাই; কিন্তু ঘৰ খালি কৰাৰ আগতে চৰকাৰে আমাক পুনৰ সংস্থাপনৰ সুবিধা কৰি দিব লাগিব বুলিও হুংকাৰ দিয়ে স্থানীয় লোক সকলে ৷

উল্লেখ্য যে এই ঠাইত বাস কৰি অহা লোক সকলে চৰকাৰৰ পানী যোগান আচঁনি, শিক্ষানুষ্ঠান, চৰকাৰী আৱাস যোজনাৰ ঘৰ আদিৰ সুবিধা লাভ কৰি আহিছে ৷ তেনে ক্ষেত্ৰত হঠাতে বন বিভাগৰ পৰা অহা উচ্ছেদৰ জাননীয়ে আচৰিত কৰাৰ লগতে স্থানীয় ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে ৷

লগতে পঢ়ক :Orange alert in Assam: প্ৰৱল বৰষুণৰ আগজাননি; অসমৰ কেবাখনো জিলাত অ’ৰেঞ্জ এলাৰ্ট; মেঘালয়ত ৰেড এলাৰ্ট জাৰি

ABOUT THE AUTHOR

...view details