অসম

assam

ETV Bharat / state

বাঁহীৰ সুৰত মুৰ্চ্ছনা তুলি লোকসংগীতৰ যাত্ৰা অব্যাহত জন্মান্ধ শিল্পী কুমুদ শৰ্মাৰ

টিহুৰ জলখানা চুপা পাতিগাড়া গাঁৱৰ বাসিন্দা কুমুদ শৰ্মাই জন্মৰে পৰাই দুইচকুৰে নেদেখে ৷ কিন্তু সুৰৰ যাদুকৰ শৰ্মাই বাঁহী আৰু দোতাৰা বজাই আজিও অব্যাহত ৰাখিছে লোকসংগীতৰ চৰ্চা ৷

By

Published : Jun 9, 2019, 7:39 PM IST

জন্মান্ধ শিল্পী কুমুদ শৰ্মা

টিহু, 9 জুনঃ দেওবাৰে বৰমাৰ 127E ঘাইপথৰ পদপথত ৰাইজক আৱদ্ধ কৰিলে বাঁহী আৰু দোতাৰাৰ শব্দই ৷ এগৰাকী বিশেষ ব্যক্তিয়ে বজোৱা বাঁহী আৰু দোতাৰাৰ শব্দত ৰৈ যায় পথটোৰে পাৰ হৈ যোৱা প্ৰতিগৰাকী পথচাৰী ৷

দিনৰ 3 বজাত প্ৰখৰ ৰ'দক আঁওকান কৰি এগৰাকী ব্যক্তিয়ে এইদৰে পৰিৱেশন কৰে লোকসংগীত ৷ এইগৰাকী ব্যক্তিয়ে হৈছে টিহুৰ জলখানা চুপা পাতিগাড়া গাঁৱৰ নিবাসী কুমুদ শৰ্মা ৷ জন্মৰে পৰাই দুইচকুৰে নেদেখা শিল্পীগৰাকীৰ সুৰত প্ৰাণ পাই উঠে লোকসংগীতে ৷

জন্মান্ধ শিল্পী কুমুদ শৰ্মা

অধিক পঢ়কঃ প্ৰদীপ হাজৰিকাৰ হাতৰ পৰশে জীৱন্ত ৰূপ দিছে মুখা শিল্পক

কিন্তু এইগৰাকী লোকসংগীত চৰ্চা কৰা শিল্পীয়ে আজিলৈ লাভ নকৰিলে কোনো চৰকাৰী সুবিধা ৷ যিটো সময়ত চৰকাৰে শিল্পীৰ বাবে লাখটকীয়া আঁচনিৰ কথা ঘোষণা কৰিছে তেনেসময়তে এইদৰে অৱহেলিত হৈ ৰৈছে এইসকল লোকসংগীত শিল্পী ৷

ABOUT THE AUTHOR

...view details