বাক্সা,7 অক্টোবৰ:আহিনমহীয়া বানৰ কবলত বাক্সা জিলাৰ গোৰেশ্বৰৰ অন্তৰ্গত ধেপাৰগাঁও ৷ চলিত বৰ্ষৰ তিনিটাকৈ বানে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত ক্ৰমাৎ উন্নত হৈছিল ৰাজ্যৰ বান পৰিস্থিতি ৷ কিন্তু আজিও ধেপাৰগাঁৱত শাম কটা নাই বানৰ তাণ্ডৱ ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিগত প্ৰায় 90 দিন ধৰি সংযোগ বিচ্ছিন্ন হৈ আছে ৰঙিয়া-কাউৰবাহা সংযোগী পথৰ ৷ বৃহত্তৰ অঞ্চলটো জলমগ্ন হৈ থকাৰ সমান্তৰালকৈ কৃষি ভূমি সমূহো আছে পানীৰ তলত ৷ ফলত দীৰ্ঘদিনৰ পৰাই এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ অঞ্চলটোৰ সমীপত থকা পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি শীঘ্ৰে পুনৰ নিৰ্মাণ নকৰিলে পৰিস্থিতি শোচনীয় হোৱাৰ আশংকা প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ৷ অঞ্চলটোৰ ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লৈ শীঘ্ৰে সকলো সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গই ৷
আহিনমহীয়া বানৰ কবলত ধেপাৰগাঁৱবাসী - বান
বিগত প্ৰায় 90 দিনে সংযোগ বিচ্ছিন্ন হৈ আছে ৰঙিয়া-কাউৰবাহা সংযোগী পথৰ ৷ কিয়নো আহিনমহীয়া বানৰ কবলত পৰিছে বাক্সা জিলাৰ গোৰেশ্বৰৰ ধেপাৰগাঁও ৷ অঞ্চলবাসীয়ে সন্মুখীন হৈছে তীব্ৰ সমস্যাৰ ৷
বান বিধ্বস্ত ধেপাৰগাঁও