অসম

assam

কৃতিমানক সম্বৰ্ধনা বাক্সা জিলা এবছুৰ

By

Published : Jul 8, 2020, 8:11 PM IST

কৃতিমান সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিয়ে অনুষ্ঠিত কৰে এক সম্বৰ্ধনা সভা ৷ উক্ত সভাত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয় ৷

facilitate programme of ABSU baksa assam etv bharat news
কৃতিমানক সম্বৰ্ধনা বাক্সা জিলা এবছুৰ

বৰমা,8 জুলাই: বিগত মাহত ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনাই নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিয়ে ৷ কৃতিমান সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে সংগঠনটোৱে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে এই সম্বৰ্ধনা সভাৰ ৷ এই বৰ্ষতো সুখ্যাতিৰে উত্তীৰ্ণ বড়ো ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা দহগৰাকী শিক্ষাৰ্থীক সংগঠনটোৰ উদ্যোগত আৰু চি কে আঞ্চলিক এবছুৰ সহযোগত লক্ষ্মী বজাৰ প্ৰেক্ষাগৃহত মানপত্ৰ, আৰনাই, কিতাপৰ লগতে একোটিকৈ কলমৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ লগতে বাক্সাৰ পৰা জেম(JAM) পৰীক্ষাত উত্তীৰ্ণ হৈ আইআইটিত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা দুগৰাকী কৃতিমান ক্ৰমে মাইনাও জুলি বসুমতাৰী আৰু মৃদুল বড়োক সম্বৰ্ধনা জনোৱা হয় ৷

কৃতিমানক সম্বৰ্ধনা বাক্সা জিলা এবছুৰ

উল্লেখ্য যে, এইবেলি জিলাখনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বড়ো মাধ্যমৰ পৰা কলা শাখাত ২২১ গৰাকী, বিজ্ঞান শাখাত ১৫৬ গৰাকী আৰু বাণিজ্য শাখাত ১০ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত ৷ উক্ত সম্বৰ্ধনা সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ সভাপতি নৃপেন চন্দ্ৰ বড়ো উপস্থিত থকাৰ লগতে জিলাখনৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

লগতে চাওকঃজনতা ভৱনৰ অগ্নিকাণ্ডঃ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ বৈঠক

ABOUT THE AUTHOR

...view details