অসম

assam

ETV Bharat / state

বাক্সাত এগৰাকী ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা - মৃতদেহ

শনিবাৰে নিশা সুৱাগ পুৰ আৰক্ষীয়ে বাবুল ৰাজবংশীসহ পুত্ৰক আটক কৰি আৰক্ষী চকীলৈ লৈ গৈছিল ৷ কিন্তু ৰহস্যজনকভাৱে দেওবাৰে পুৱা বাবুল ৰাজবংশীৰ মৃতদেহ ঘৰৰ বস্তিত উদ্ধাৰ কৰা হয় ৷

Excitement centered on the death of a person in Baksha
বাক্সাত এগৰাকী ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

By

Published : Oct 11, 2020, 10:34 PM IST

বাক্সা,11অক্টোবৰঃ বাক্সাৰ নাওকাটা কলবাৰীত দেওবাৰে সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷ বাবুল ৰাজবংশী নামৰ 50 বছৰীয়া এগৰাকী লোকৰ মৃত্যুক কেন্দ্ৰ কৰি বিৰাজ কৰে এই উত্তেজনা ৷ জানিব পৰা মতে, গাঁৱখনৰ হৰেশ্বৰ ৰাজবংশী নামৰ এজন লোকে মৃত বাবুল ৰাজবংশীৰ পুত্ৰ কল্যাণ ৰাজবংশী(16)ৰ ওপৰত মোবাইল ফোন চুৰিৰ গোচৰ দিছিল ৷ তাৰেই সংক্ৰান্তত শনিবাৰে নিশা সুৱাগ পুৰ আৰক্ষীয়ে বাবুল ৰাজবংশীসহ পুত্ৰক আটক কৰি আৰক্ষী চকীলৈ লৈ গৈছিল ৷

কিন্তু ৰহস্যজনকভাৱে দেওবাৰে পুৱা বাবুল ৰাজবংশীৰ মৃতদেহ ঘৰৰ বস্তিত উদ্ধাৰ কৰা হয় ৷ ইপিনে ব্যক্তিগৰাকীক আৰক্ষীয়ে মুকলি কৰি দিয়া বুলি উল্লেখ কৰিছে যদিও একাংশই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ব্যক্তিগৰাকীৰ মৃত্যুক লৈ অঞ্চলজুৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আনহাতে ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া নীলকমল বৰুৱা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাৰ তদন্তৰো আশ্বাস দিয়ে ৷

লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ABOUT THE AUTHOR

...view details