অসম

assam

ETV Bharat / state

NDFB Martyrs Day Observed : বাক্সা জিলাৰ বৰমাত প্ৰাক্তন এন ডি এফ বিৰ 35 সংখ্যক 'শ্বহীদ দিৱস' পালন - বাক্সা জিলা

বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ উদ্যোগত এন ডি এফ বিৰ শ্বহীদ সকলৰ স্মৃতিত 35 সংখ্যক শ্বহীদ দিৱস পালন ৷ পুৱা পতাকা উত্তোলন কৰে বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ সভাপতি বি ব্ৰহ্মই ৷

Ex NDFB Observed Martyrs Day at Barama in Baksa
প্ৰাক্তন এন ডি এফ বিৰ শ্বহীদ দিৱস

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 5:04 PM IST

প্ৰাক্তন এন ডি এফ বিৰ শ্বহীদ দিৱস পালন

বাক্সা, 14 ছেপ্টেম্বৰ : বাক্সা জিলাৰ বৰমাত বৃহস্পতিবাৰে বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ উদ্যোগত এন ডি এফ বিৰ শ্বহীদ সকলৰ স্মৃতিত 35 সংখ্যক শ্বহীদ দিৱস পালন কৰা হয় ৷ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুস্থিত হোৱা শ্বহীদ দিৱসত পুৱা পতাকা উত্তোলন কৰে বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ সভাপতি বি ব্ৰহ্মই ৷ ইয়াৰ পিছতে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে এন ডি এফ বিৰ প্ৰাক্তন সদস্য বি অৰ্শীয়ে ৷

এই অনুষ্ঠানত প্ৰাক্তন এন ডি এফ বিৰ সকলো সদস্যই শ্বহীদৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা জনায় ৷ 35 সংখ্যক শ্বহীদ দিৱসত প্ৰাক্তন এনডিএফবিৰ সদস্য তথা বাক্সা জিলা প্ৰাক্তন এন ডি এফ বিৰ সভাপতিয়ে জানিবলৈ দিয়ে যে তেওঁলোক প্ৰাপ্য অধিকাৰৰ পৰা আজিও বঞ্চিত হৈ আছে ৷ বিটিআৰ চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবিৰ সদস্য সকলক কাৰাগাৰৰ পৰা এৰি দিব লাগে যদিও এতিয়ালৈকে বহু প্ৰাক্তন কেডাৰ কাৰাগাৰতেই আবদ্ধ হৈ আছে ৷ চুক্তি অনুসৰি শ্বহীদ পৰিয়ালৰ পাবলগীয়া পাঁচ লাখ টকা এতিয়াও চৰকাৰে বহন কৰা নাই বুলিও অভিযোগ কৰে তেওঁ ৷

যিসকল প্ৰাক্তন এনডিএফবি সদস্যই চাৰি লাখকৈ পোৱা নাই তেওলোকক শীঘ্ৰেই এই টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও দাবী কৰে তেওঁ ৷ বিটিআৰ চুক্তি অনুসৰি এনডিএফবি সদস্যক চৰকাৰী সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও দাবী জনায় প্ৰাক্তন এনডিএফবিৰ নেতাজনে ৷ প্ৰাক্তন এনডিএফবি সকলক পৰ্যায়ক্ৰমে সংস্থাপনৰ লগতে স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা লব লাগে বুলিও দাবী উত্থাপন কৰে বাক্সা জিলা প্ৰাক্তন এনডিএফবিৰ সভাপতি বি ব্ৰহ্মই ৷

লগতে পঢ়ক :Drinking water problem: ঢুকি পোৱা নাই জল জীৱন মিছনে; ঘোলা পানীৰে তৃষ্ণা দূৰৰ চেষ্টা গঞাৰ

ABOUT THE AUTHOR

...view details