বাক্সা, 25 জানুৱাৰী : দেওবাৰে সামৰণি পৰে বাক্সা জিলা এবছুৰ 16 সংখ্যক অধিৱেশন ৷ তিনিদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলা বড়ো ছাত্ৰ সন্থাৰ 16 সংখ্যক অধিবেশন খন বাক্সা জিলা চিমলাৰ খামাৰদৈচা খেলপথাৰত অনুষ্টিত হয় ৷ সোমবাৰে তৃতীয় দিনৰ কাৰ্যসূচীত দিনৰ 12 বজাত মুকলি সভা উন্মোচন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷
ভাষণ প্ৰসংগত বড়োৱে কয় যে বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে একেলগে সমিলমিলেৰে কাম কৰি এখন পূৰ্ণাংগ বিটিআৰ গঠন কৰিবলৈ সংকল্প ল’ব লাগিব ৷ তেওঁ লগতে কৃষিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব বুলিও আশ্বাস প্ৰদান কৰে ৷
বাক্সা জিলাত সামৰণি পৰিল এবছুৰ ১৬ সংখ্যক অধিবেশন বৰ্তমান বহু অস্ত্ৰধাৰী সংগঠনে চৰকাৰৰ লগত আলোচনা কৰি আছে আৰু বিটিআৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব যাতে এইসকল সংগঠনক পুনৰসংস্থাপনৰ বাট মুকলি কৰি দিয়ে ৷
উল্লেখ্য যে, এই সভাতে তেওঁ উন্মোচন কৰে " দেৱলী দৈছা" স্মৰণিকা ৷ সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে ৷ সভাত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, এমচিএলএ ৰাকেশ ব্ৰহ্ম,এবছুৰ সাধাৰণ সম্পাদকৰোমদৌন বসুমতাৰীৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক:যোৰহাটত গঠন হ’ল ৰাইজৰ দলৰ মহিলা কোষ