অসম

assam

ETV Bharat / state

গোৰেশ্বৰত অসম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিৎ শৰ্মাৰ পুত্তলিকা দাহ - apw

ভাৰতীয় যুৱ মৰ্চাৰ কৰ্মীসকলে অসম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিৎ শৰ্মাৰ পুত্তলিকা দাহ কৰে গোৰেশ্বৰ নগৰৰ মাজ মজিয়াত । অভিজিৎ শৰ্মাই জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিৰোদ্ধে যি দুৰ্নীতিৰ অভিযোগ আনিছে সেয়া সম্পূৰ্ণ মিছা বুলি দাবী কৰে সংগঠনটোৱে।

গোৰেশ্বৰত অসম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিৎ শৰ্মাৰ পুত্তলিকা দাহ

By

Published : Apr 30, 2019, 9:41 PM IST

তামুলপুৰ 30 এপ্ৰিলঃ তামুলপুৰৰ গোৰেশ্বৰত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ কৰ্মীসকলে মঙলবাৰে সন্ধিয়া এক প্ৰতিবাদী কৰ্যসূচী ৰুপায়ণ কৰে। যুৱ মৰ্চাৰ সমৰ্থকসকলে অসম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিৎ শৰ্মাৰ পুত্তলিকা দাহ কৰে গোৰেশ্বৰ নগৰৰ মাজ মজিয়াত । অভিজিৎ শৰ্মাই জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধে যি দুৰ্নীতিৰ অভিযোগ আনিছে সেয়া সম্পূৰ্ণ মিছা বুলি দাবী কৰে সংগঠনটোৱে। ভৱেশ কলিতাই এনে দুৰ্নীতি কেতিয়াও নকৰে, অভিজিৎ শৰ্মাই মন্ত্ৰী ভৱেশ কলিতাৰ ভাৱ মূৰ্তি বিনষ্ট কৰিবৰ বাবে এনে নিকৃষ্ট ষড়যন্ত্ৰ ৰচনা কৰিছে। পাবত গজা নেতা অভিজিৎ শৰ্মাই কোনো ৰাজনৈতিক ষড়যন্ত্ৰৰে বলিৰ পঠা সজাব বিচাৰিছে ভৱেশ কলিতাক।তেখেতৰ ভাব মূৰ্তি বিনষ্ট কৰাতো কেতিয়াও গ্ৰহণ যোগ্য নহয় বুলি প্ৰতিবাদকাৰী সকলে কয়। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে উত্তৰ কামৰূপ জিলাৰ যুৱমৰ্চাৰ সম্পাদক ঋষভ ৰঞ্জন দাস উপ সভাপতি সমাৰেন্দ শৰ্মা।

গোৰেশ্বৰত অসম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিৎ শৰ্মাৰ পুত্তলিকা দাহ

ABOUT THE AUTHOR

...view details