বাক্সা,12 নৱেম্বৰ:বাক্সাৰ তামুলপুৰৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত মেছগুৰিত চলি থকা এটি আধাৰ কেন্দ্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আটক কৰিছে এজন লোকক ৷ আটকাধীন লোকজনৰ নাম অচিত সেন বুলি জানিব পৰা গৈছে ৷ বুধবাৰে নিশা প্ৰায় 11 বজাত এক গোপন সূত্ৰৰ পম খেদি তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰূপকমল ৰাভা আৰু কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নীলভজ্যোতি নাথৰ নেতৃত্বত চলোৱা এক অভিযানত এই কেন্দ্ৰটোৰ কথা পোহৰলৈ আহে ৷ প্ৰশাসনৰ চকুত ধূলি মাৰি আধাৰ কাৰ্ডৰ কাম চলাই থকাৰ সময়তে অভিযানকাৰী দলটো ঘটনাস্থলীত উপস্থিত হৈ হাতে-লোটে ধৰা পেলায় ব্যক্তিগৰাকীক ৷
ততালিকে অভিযানকাৰী দলটোৱে আধাৰ কেন্দ্ৰটোৰ সকলো নথিপত্ৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছত কেন্দ্ৰটোৰ কম্পিউটাৰ, লেপটপ, প্ৰিন্টাৰ, স্কেনাৰ মেচিনসহ যাৱতীয় সামগ্ৰীসমূহ জব্দ কৰি কুমাৰীকাটা আৰক্ষী চকীত চমজাই দিয়ে ৷ ইতিমধ্যে আৰক্ষীৰ উপস্থিতিৰ খবৰ লাভ কৰি কেন্দ্ৰটোৰ কম্পিউটাৰ অপাৰেটৰ ধনপতি দাসে কৌশলেৰে পলায়ন কৰে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷