বাক্সা, 23 জুন : বাক্সা জিলাৰ অন্তৰ্গত ধমধমা - তামুলপুৰ সংযোগী পথৰ জাৰতালুক অঞ্চলত পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে বাঁহৰ দলং উটুৱাই নিয়াত বিপদজনক যাত্ৰা অব্যাহত ৰাখিছে জনসাধাৰণে ৷ শেহতীয়াকৈ ভূটানত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ভূটান পাহাৰৰ পৰা বৈ অহা পাগলাদিয়া নৈৰ ঢলে তামুলপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত বাট - পথ আৰু দলং উটুৱাই নিছিল ৷ সম্প্ৰতি মৰণত শৰন দি কলৰ ভুৰেৰে যাতায়ত অব্যাহত ৰাখিছে বিভিন্ন প্ৰান্তৰ পথচাৰীয়ে ৷ স্কুল - কলেজৰ ছাত্ৰ - ছাত্ৰীসকলেও অতি বিপদজনক ভাৱে অহা - যোৱা কৰিবলগীয়া হোৱাত সমস্যাৰ সন্মুখীন হৈছে ৷
কলৰ ভুৰেৰে বিপদসংকুল যাত্ৰা ধমধমা-তামুলপুৰবাসীৰ - জাৰতালুক
বাক্সাৰ ধমধমা - তামুলপুৰ সংযোগী পথৰ জাৰতালুক অঞ্চলত পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে বাঁহৰ দলং উটুৱাই নিয়াত বিপদজনক যাত্ৰা অব্যাহত ৰাখিছে জনসাধাৰণে ৷
বাক্সাত বিপদসংকুল যাত্ৰা অব্যাহত জনসাধাৰণৰ
উল্লেখ্য যে, এই জাৰতালুকতে কিছুদিন পূৰ্বে বাঁহৰ দলঙেৰে পাৰ হ'বলৈ ৰাইজে দহ টকাকৈ ভৰিব লগা হোৱা দৃশ্য ইটিভি ভাৰতৰ জৰিয়তে কেইবাবাৰো সম্প্ৰচাৰ হৈছিল ৷ কিন্তু এতিয়া কলৰ ভুৰেৰে পাৰ হ'ব লগা হোৱাত ভৰিব লাগে বিশ টকাকৈ ৷ অঞ্চলটোৰ ৰাইজে প্ৰতি বছৰে এনেদৰে সমস্যাৰ সন্মুখীন হৈ থকাৰ পাছতো বিটিচি আৰু ৰাজ্য চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে জনসাধাৰণ ৷