অসম

assam

ETV Bharat / state

গণতান্ত্ৰিক মহিলা সমিতিৰ আঞ্চলিক সন্মিলনী অনুষ্ঠিত - আঞ্চলিক সন্মিলনী

গোৰেশ্বৰ আঞ্চলিক নিখিল ভাৰত মহিলা সমিতিৰ দ্বাদশ বাৰ্ষিকী সন্মিলনী সভাত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, নাৰী নিৰ্যাতন বন্ধ কৰা , নিবনুৱাক সংস্থাপন দিয়াৰ দাবীত আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণৰ প্ৰস্তাৱ ৷

গোৰেশ্বৰ আঞ্চলিক নিখিল ভাৰত মহিলা সমিতিৰ দ্বাদশ বাৰ্ষিকী সন্মিলনী সভা অনুষ্ঠিত

By

Published : Jul 27, 2019, 8:18 AM IST

বাক্সা, 27 জুলাইঃ গোৰেশ্বৰ আঞ্চলিক নিখিল ভাৰত মহিলা সমিতিৰ দ্বাদশ বাৰ্ষিকী সন্মিলন খন শনিবাৰে গোৰেশ্বৰ বিষ্ণুপ্ৰসাদ ৰাভা সভাগৃহত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় ৷ সন্মিলনৰ পতাকা উত্তোলন কৰে গোৰেশ্বৰ আঞ্চলিকৰ সভানেত্ৰী দিপালী ডেকাই আৰু শ্বহীদ তপৰ্ণ কৰে ৰাজ্যিক সমিতিৰ সম্পাদিকা নিয়তি বৰ্মনে ৷ সন্মিলন উপলক্ষে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত আগন্তুক তিনিবছৰীয়া কাৰ্যকালৰ বাবে গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সভানেত্ৰী নিকুনঞ্জ চৌধুৰী আৰু সম্পাদিকা দিপালী ডেকাক নিৰ্বাচিত কৰি এখন সমিতি গঠন কৰা হয় ৷ সভাত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, নাৰী নিৰ্যাতন বন্ধ কৰা , নিবনুৱাক সংস্থাপন দিয়াৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰি আগন্তুক দিনত আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ প্ৰস্তাৱ লয় ।

গোৰেশ্বৰ আঞ্চলিক নিখিল ভাৰত মহিলা সমিতিৰ দ্বাদশ বাৰ্ষিকী সন্মিলনী সভা অনুষ্ঠিত

ABOUT THE AUTHOR

...view details