অসম

assam

ETV Bharat / state

বাক্সাত সান্ধ্য আইন উলংঘন কৰি ডাম্পাৰৰ দৌৰাত্ম্য - আছাৰ কেন্দ্রীয় প্ৰচাৰ সম্পাদক

সান্ধ্য আইন অব্যাহত থকাৰ মাজতেই বাক্সাৰ শালবাৰীৰ আশে-পাশে থকা বিভিন্ন শিল-বালিৰ কুৱেৰীৰ পৰা দিনৰ ভাগৰ লগতে সন্ধিয়া ৬ বজাৰ পাছতো ডাম্পাৰে ডাম্পাৰে অবাধে ভিন্ন স্থানলৈ কঢ়িয়াই থকা হৈছে শিল-বালি ৷

covid protocol break in baksa
বাক্সাত সান্ধ্য আইন উলংঘন কৰি ডাম্পাৰৰ দৌৰাত্ম্য

By

Published : May 24, 2021, 3:33 PM IST

বাক্সা, ২৪ মে' :আন্তঃজিলা যাতায়াত বন্ধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা ধোৱাচাঙত উঠিছে বাক্সাৰ শালবাৰীত ৷ বাক্সা-বৰপেটা সংযোগী গোৱৰ্দ্ধনাত আৰক্ষীৰ সন্মুখেদি যাতায়ত কৰিছে অবৈধ শিলবালি কঢ়িওৱা ডাম্পাৰ, ট্ৰেক্টৰৰ লগতে বিভিন্ন সৰু বৰ গাড়ী ৷ একেদৰে শালবাৰীৰ কালপানী-গোৱৰ্দ্ধনা অঞ্চলত সান্ধ্য আইন উলংঘা কৰি দিনে ৰাতিয়ে অব্যাহত আছে শিল-বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য ৷

বাক্সাত সান্ধ্য আইন উলংঘন কৰি ডাম্পাৰৰ দৌৰাত্ম্য

শালবাৰীৰ আশে-পাশে থকা বিভিন্ন শিল-বালিৰ কুৱেৰীৰ পৰা দিনৰ ভাগৰ লগতে সন্ধিয়া ৬ বজাৰ পাছতো ডাম্পাৰে ডাম্পাৰে অবাধে ভিন্ন স্থানলৈ কঢ়িয়াই থকা হৈছে শিল-বালি ৷ নিশালৈ এনেদৰে সান্ধ্য আইন উলংঘা কৰি শিল-বালি কঢ়িওৱা কাৰ্য ভালেকেইদিন ধৰি অব্যাহত আছে যদিও এইক্ষেত্ৰত নিৰৱ ভূমিকা পালন কৰি আহিছে আৰক্ষীয়ে ৷

আৰক্ষী-প্ৰশাসনৰ চৰম হেমাহিৰ বাবেই সান্ধ্য আইন উলংঘা কৰি নিশাৰ ভাগত এনেদৰে ডাম্পাৰেৰে শিল-বালি কঢ়িয়াই থকা কাৰ্য চলি থকাৰ অভিযোগ কৰিছে আছাই ৷ আছাৰ কেন্দ্রীয় প্ৰচাৰ সম্পাদক মানচুক চানখাৰিকাই সান্ধ্য আইন উলংঘা কৰি এনেদৰে শিল-বালি কঢ়িওৱাৰ কাম শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :আংশিক লকডাউনে ক্ষতিগ্ৰস্ত কৰিছে কৃষকক

ABOUT THE AUTHOR

...view details