বাক্সা, 8 ডিচেম্বৰ:বাক্সাত অবৈধ কাৰ্যত লিপ্ত থকাৰ অভিযোগত দুগৰাকী পুৰুষ-মহিলাক হাতে লোতে ধৰি আৰক্ষীক গটালে স্থানীয় ৰাইজে ৷ পুৰুষ আৰু মহিলাগৰাকীৰ বিৰুদ্ধে অবৈধ কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ স্থানীয় ৰাইজে বৰমা থানাত গটাই দিয়ে ৷
অবৈধ কাৰ্যত লিপ্ত পুৰুষ-মহিলাক থানাত গটালে স্থানীয় ৰাইজে - বাক্সাত অবৈধ কাৰ্যত লিপ্ত থকাৰ অভিযোগত দুগৰাকী পুৰুষ মহিলাক হাতে লোতে ধৰি আৰক্ষীক গটালে স্থানীয় ৰাইজে
বাক্সাত এহাল পুৰুষ-মহিলাৰ বিৰুদ্ধে অবৈধ কাৰ্যত লিপ্ত থকাৰ অভিযোগ ৷ নিশা দুয়োকে অসংযত অৱস্থাত উদ্ধাৰ কৰাৰ পাছতে ক্ষুব্ধ ৰাইজে দুয়োকে আৰক্ষীক গটাই দিয়ে ৷
অবৈধ কাৰ্যত লিপ্ত পুৰুষ মহিলাক থানাত গটালে স্থানীয় ৰাইজে
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, দীৰ্ঘ দিনৰ পৰা মহিলাগৰাকীয়ে নিজকে বৰমা অঞ্চলৰ এটা বিশেষ সংগঠনৰ নেত্ৰী বুলি চিনাকি দি আহিছে ৷ প্ৰত্যক্ষদৰ্শীৰ অভিযোগ, বৰমাৰ এটা গৃহৰ পৰা নিশা ৰাইজে মহিলাগৰাকী আৰু বঙাইগাঁৱৰ ঔষধ বিক্ৰেতাগৰাকীক অসংযত অৱস্থাত উদ্ধাৰ কৰে ৷ ইয়াৰ পাছতে ৰাইজে ব্যক্তিগৰাকীক উত্তম-মাধ্যম শোধাই দুয়োকে আৰক্ষীক গটাই দিয়ে ৷
লগতে পঢ়ক:বিটিচি নিৰ্বাচন : বাক্সাত সাব্যস্ত ৮০ শতাংশ ভোটদান