অসম

assam

By

Published : Mar 23, 2020, 9:45 PM IST

ETV Bharat / state

বাক্সাত COVID-19 ক লৈ সজাগতামূলক পদক্ষেপ

স্থগিত ৰখা হৈছে বিটিচিৰ পৰিষদীয় নিৰ্বাচন ৷ যি সময়ত বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত থাকিলে হয় সেই সময়ত বিটিচিৰ দুগৰাকীয়ে প্ৰাৰ্থীয়ে চলাইছে কৰ'ণা ভাইৰাছৰ সজাগতা মূলক অভিযান ৷ আনহাতে, বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানস্থিত সোমবাৰে ফাটেমাদ চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলক স্বাস্থ্য পৰীক্ষা কৰাই সদৌ আদিবাসী সন্থা আৰু বাক্সা জিলাৰ আছু্য়ে ৷

COVID-19
বাক্সাত COVID-19 ক লৈ সজাগতামূলক পদক্ষেপ

বাক্সা, 23 জুলাইঃ বিশ্বজুৰি বিয়পি পৰা মহামাৰী সদৃশ কৰ'ণা ভাইৰাছৰ ফলত বন্ধ হৈ পৰিছে অফিচ,ব্যৱসায়,বাণিজ্য । স্থগিত ৰখা হৈছে বিটিচিৰ পৰিষদীয় নিৰ্বাচনো । যি সময়ত বিটিচিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছিল তেনে সময়তে অন্য দৃশ্য দেখিবলৈ পোৱা গৈছে বিটিচি অঞ্চলত । বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা সময়তে নামি পৰিছে কৰ'ণা ভাইৰাছৰ সজাগতা মূলক অভিযানত ।

বাক্সাত COVID-19 ক লৈ সজাগতামূলক পদক্ষেপ

সোমবাৰে ২৭ নং নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাসে অকলেই অঞ্চলটোৰ লোক সকলক বিলালে মাস্ক, হেণ্ড ৱাছ। মন্দিৰত চাকি বন্তি জ্বলাই পূজা অৰ্চনাও কৰা দেখা গ'ল প্ৰাৰ্থী গৰাকীক । আনহাতে বিজেপিৰ প্ৰাৰ্থী ধৰ্ম নাৰায়ণ দাসেও ৰাইজক সজাগ হ'বলৈ অনুৰোধ জনাইছে । প্ৰতিজন লোকে যাতে এইকেইদিন সাৱধানতা অৱলম্বন কৰাৰ লগতে চাবোনেৰে হাত ধুয়ে, পৰিষ্কাৰ পৰিচন্নতা বজাই ৰাখি নিজ গৃহতে থাকে তাৰ প্ৰতি অনুৰোধ জনাইছে দুয়োগৰাকী প্ৰাৰ্থীয়ে ।

বাক্সাত COVID-19 ক লৈ সজাগতামূলক পদক্ষেপ

আনহাতে, বাক্সাৰ জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানস্থিত সোমবাৰে ফাটেমাদ চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিক সকল কৰ'ণা ভাইৰাছৰ স্কেনিং কৰোৱাৰ উপৰিও স্বাস্থ্য পৰীক্ষা কৰা হয় । চাহ বাগিচা শ্ৰমিক সকলক কৰ'ণা ভাইৰাছৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সদৌ আদিবাসী সন্থা আৰু বাক্সা জিলাৰ আছুৰ উদ্যোগত এই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা হয় । চাহ বাগিচাৰ শ্ৰমিক সকলে প্ৰতি দিনে জনসমাগমৰে বাগিচা সমূহত কাম কৰিবলগীয়া হয় । যাৰ ফলত মাৰাত্মক ভাইৰাছৰ বিধৰ সংক্ৰমণৰ আশংকাত ভুগি আতংকময় পৰিবেশত বসবাস কৰিবলগীয়া হৈছে ।

বাক্সাত COVID-19 ক লৈ সজাগতামূলক পদক্ষেপ

এই সময়চোৱাত শ্ৰমিক সকলক কোনো ধৰণৰ পৰিস্কাৰ পৰিচন্নতাৰ প্ৰতি গুৰুত্ব নিদিয়ে বাগিচা কৰ্তৃপক্ষই ।

সেয়ে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই শীঘ্ৰেই চাহ বাগিচা সমূহক লক ডাউন কৰিবলৈ আহ্বান জনোৱাৰ উপৰিও লক ডাউনৰ সময়চোৱাত শ্ৰমিক সকলক ৰেচন পাতি যোগদান ধৰিবলৈ আহ্বান জনায় বাগিচা কৰ্তৃপক্ষক ।

বাক্সাত COVID-19 ক লৈ সজাগতামূলক পদক্ষেপ

আৰু পঢ়কঃ কাইলৈ অন্ত পৰিব বিধানসভাৰ বাজেট অধিবেশন

ABOUT THE AUTHOR

...view details