অসম

assam

ETV Bharat / state

কচু খেতিৰে পৰিয়াল পোহপাল দিছে এখন গাঁৱৰ কৃষকে - baksa news

বাক্সা জিলাৰ ৰিহাবাৰী গাঁৱৰ দাৰাগাঁও চুবুৰীত কচু খেতি (Colocasia Firming) কৰি জীৱন নিৰ্বাহ কৃষক ৰাইজৰ ৷ গাঁওখনত ধান খেতি কৰিবলৈ পানীৰ পৰ্যাপ্ত সুবিধা নথকাৰ বাবে আৰু খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী (Wild Elephant)ৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ গাঁওখনৰ কৃষকসকলে কচুখেতি কৰা বুলি জানিবলৈ দিয়ে ৷

colocasia-firming-in-baksa
বাক্সাত কচু খেতিৰে জীৱিকা নিৰ্বাহ

By

Published : Jul 6, 2021, 3:59 PM IST

বাক্সা, 6 জুলাই : বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰিহাবাৰী গাঁৱৰ দাৰাগাঁও চুবুৰীত কচু খেতি (Colocasia Firming) কৰি জীৱন নিৰ্বাহ কৰি আহিছে একাংশ কৃষকে । অৱশ্যে কৃষকসকলে ধান খেতিতকৈ কচু খেতিৰে যথেষ্ট লাভৱান হোৱা বুলি জানিব পৰা গৈছে ৷ মুঠ 17 টা চুবুৰীৰে গঠিত এই ৰিহাবাৰী গাঁওখনত কৃষকসকলে সাধাৰণতে ধান খেতি নকৰে ৷ কিয়নো গাঁওখনত ধান খেতি কৰিবলৈ পানীৰ পৰ্যাপ্ত সুবিধা নাই ৷

আনহাতে, গাঁওখনত অন্য এক অসুবিধা হৈছে বনাঞ্চলৰ পৰা সততে খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী (Wild Elephant)ৰ উপদ্ৰৱ । সেয়েহে ধান খেতি কৰিলে হাতীৰ পৰা বচাব নোৱাৰে কৃষকে । যাৰ পৰিপ্ৰেক্ষিতত কচু খেতি কৰিবলৈ আৰম্ভ কৰে গাঁওখনৰ কৃষকসকলে । এই কচু খেতি হাতীৰ পৰা সুৰক্ষিত । অৱশ্যে বন্যহস্তী আৰু বনৰীয়া গাহৰিয়ে মাজে সময়ে কিছু ক্ষতি সাধন কৰা বুলি জানিব পৰা গৈছে ৷

বাক্সাত কচু খেতিৰে জীৱিকা নিৰ্বাহ

জানিব পৰা মতে, গাঁৱৰ প্ৰতিজন কৃষকে এটাকে প্লটতে কচু খেতি কৰে । এটা প্লটত 8 বিঘাকৈ মাটি থাকে । এই 8 বিঘা মাটিত প্ৰতিজন কৃষকে 3 ৰ পৰা 8 বিঘা পৰ্যন্ত মাটিত কৰি আহিছে কচু খেতি । বৰ্তমান কৃষকসকলে প্ৰতি কিলোগ্ৰাম কচুত লাভ কৰি আহিছে 40 টকা পৰ্যন্ত । অৱশ্যে প্ৰতি কিলোগ্ৰাম কচুৰ মূল্য 40 টকা যদিও বৰ্তমান প্ৰতি কিলোগ্ৰাম কচুত কৃষকে লাভ কৰিছে 20-30 টকা । অৰ্থাৎ প্ৰতি বিঘা মাটিত কচু খেতি কৰি কৃষকে লাভ কৰে 30 হাজাৰৰ পৰা 40 হাজাৰ টকা পৰ্যন্ত ।

কচু বিক্ৰী কৰিবলৈ কৃষকে বজাৰলৈ যোৱাৰ প্ৰয়োজন নাই ৷ গাঁৱলৈ গৈ ব্যৱসায়ীসকলে কচু ক্ৰয় কৰি আনে । এই কচু বৰপেটা ৰোড, গুৱাহাটী, তেজপুৰ আদিলৈ ৰপ্তানি কৰে ব্যৱসায়ীসকলে । ‘মাইগ্ৰা’ প্ৰজাতিৰ দৰে উন্নত জাতৰ কচু খেতি কৰি ৰিহাবাৰী গাঁৱৰ কৃষকসকলে যথেষ্ট লাভৱান হ’বলৈ সক্ষম হৈছে । এই কচু খেতি কৰি প্ৰতিজন কৃষকৰ পৰিয়ালে সুন্দৰভাৱে জীৱিকা নিৰ্বাহ কৰা বুলি কৃষকসকলে নিজ মুখেৰে প্ৰকাশ কৰে ৷

লগতে পঢ়ক :ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্বৃত্তৰ লুটপাত

ABOUT THE AUTHOR

...view details