অসম

assam

ETV Bharat / state

Martyr Suman Swargiary ৰ সমাধিৰ কাষত ৰৈ আলফা(স্বা)ক আলোচনাৰ আহ্বান মুখ্যমন্ত্ৰীৰ - ইউজি ব্ৰহ্ম, জয়ন্ত মল্লৱ বৰুৱা

শ্বহীদ সুমন স্বৰ্গীয়াৰী(Martyr Suman Swargiary)ৰ বাসগৃহৰ সন্মুখৰ পথটো পকীকৰণ কৰা হ'ব । বুধবাৰে শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাক্সাস্থিত বাসগৃহত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma) ই । মুখ্যমন্ত্ৰীগৰাকীয়ে আলফা(স্বাধীন)ক শান্তি আলোচনালৈও আহ্বান জনায় ।

CM Himanta Biswa Sarma in martyr Suman Swargiary home
শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাক্সাস্থিত বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Nov 17, 2021, 12:34 PM IST

Updated : Nov 17, 2021, 2:34 PM IST

বাক্সা, ১৭ নৱেম্বৰ : শ্বহীদ সুমন স্বৰ্গীয়াৰী(Martyr Suman Swargiary)ৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনাবলৈ বুধবাৰে পুৱাই শ্বহীদ জোৱানগৰাকীৰ বাক্সাস্থিত(Baksa) বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma) । প্ৰথমেই তেওঁ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ সমাধিস্থলীলৈ গৈ পুষ্পাঞ্জলি অৰ্পণ কৰে ৷

তেওঁক সংগ দিয়ে মন্ত্ৰী ইউজি ব্ৰহ্ম, জয়ন্ত মল্লৱ বৰুৱা, স্থানীয় বিধায়ক ভূপেন বড়ো, তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই ৷ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সুমন স্বৰ্গীয়াৰীৰ বাসগৃহৰ সন্মুখৰ পথটো পকীকৰণ কৰা হ'ব আৰু তেওঁ পঢ়া বিদ্যালয়ৰ খেলপথাৰখনো উন্নত ষ্টেডিয়াম ৰূপে গঢ়ি তুলিব চৰকাৰে ৷

অসম ৰাইফলছ(Assam Rifles)ৰ শ্বহীদ জোৱানগৰাকীৰ পত্নীৰ সংস্থাপনৰ ক্ষেত্ৰতো বিটিআৰৰ মুৰব্বীৰ সৈতে আলোচনা কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ ক্ষেত্ৰত তেওঁ কয় যে, ভাৰত চৰকাৰৰ লগত আলোচনা কৰি তেওঁলোকক মূল সুঁতিলৈ ঘুৰাই আনিবলৈ প্ৰয়াস কৰিব চৰকাৰে l তেওঁ লগতে কয় যে, তেজৰ ফাকুৰে সমস্যা সমাধান নহয় l আলফাৰ সৈতেও আলোচনা আগবাঢ়িছে ।

Martyr Suman Swargiary ৰ সমাধিৰ কাষত ৰৈ আলফা(স্বা)ক আলোচনাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

লগতে তেওঁ পৰেশ বৰুৱা(Paresh Baruah)লৈ আহ্বান জনায় যে, ১৯৮৫ৰ অসম আৰু আজিৰ অসমৰ মাজত পাৰ্থক্য আছে l আলফাৰ জন্মৰ সময়ৰ অসমৰ পৰিস্থিত এতিয়া সলনি হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

উল্লেখ্য যে, মণিপুৰৰ চুড়াচান্দপুৰ জিলাত অসম ৰাইফলছৰ কনভয়ত মণিপুৰী উগ্ৰপন্থীয়ে চলোৱা ভয়াৱহ আক্ৰমণত প্ৰায় ৭ জনে প্ৰাণ হেৰুৱাইছিল । কামাণ্ডিং অফিচাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী অনুজা ত্ৰিপাঠী আৰু পুত্ৰ অবীৰ ত্ৰিপাঠীৰ লগতে জোৱান সুমন স্বৰ্গীয়াৰী, খাটনেই কন্যাক, আৰ পি মিনা আৰু শ্যামল দাসে প্ৰাণ হেৰুৱাইছিল এই আক্ৰমণত ৷ সোমবাৰে স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ বাক্সাৰ বাসগৃহত আহি পোৱাৰ পাচত সাামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় ।
লগতে পঢ়ক: Assam Lawyers Association Press Meet : ষ্টাম্প পেপাৰৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী

Last Updated : Nov 17, 2021, 2:34 PM IST

ABOUT THE AUTHOR

...view details