বৰমা,4 চেপ্তেম্বৰ:বাক্সাৰ মুছলপুৰত শুকুৰবাৰে উপস্থিত হয় ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ বিটিএডিৰ চাৰিওখনৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক তথা বিটিচি মুৰব্বী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ বিটিএডিৰ জিলাকেইখনৰ উন্নয়নমূলক আঁচনি তথা নিৰাপত্তাৰ সন্দৰ্ভত দলটোৱে বৈঠকখনত আলোচনা কৰে ৷
মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক সংবাদমেলত অংশ লৈ বিটিআৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আলোচনা কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ মুখ্য সচিবগৰাকীয়ে কোভিড-১৯ ৰ লগতে জিলাসমূহৰ আইন-শৃংখলাজনিত বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ কিন্তু বিটিচি নিৰ্বাচন সন্দৰ্ভত কোনো স্পষ্ট মত প্ৰকাশ নকৰিলে মুখ্য সচিবগৰাকীয়ে ৷