অসম

assam

ETV Bharat / state

কৰ'ণাই নিথৰুৱা কৰিলে তামুলুপুৰৰ দুই ভাই-ভনীক - তামুলপুৰৰ চেণ্ট জেভিয়াৰ হাইস্কুল

কৰ'ণাৰ দ্বিতীয় ঢৌৱে এফালৰ পৰা কোঙা কৰি গ'ল মানৱ জাতিক ৷ খাদ্য-বস্ত্ৰৰ অভাৱৰ লগতে আপোনজনক হেৰুৱাই দিগ-বিদিগ হেৰুৱাইছে অজস্ৰজনে ৷ অকালতে আপোনজনক হেৰুৱাই অনাথ হ'ল বিশ্বৰ বহু শিশু ৷ তেনে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হ'ল বাক্সাৰ তামুলপুৰ মহকুমাৰ ওডালগুৰি গাঁৱত ৷ কৰ'ণাৰ দ্বিতীয় ঢৌৱে কাঢ়ি নিলে দুটি শিশুৰ পিতৃ-মাতৃক ৷

carana orphans two brothers and sisters
কৰ'ণাই নিথৰুৱা কৰিলে তামুলুপুৰৰ দুই ভাই-ভনীক

By

Published : Jun 18, 2021, 10:30 PM IST

বাক্সা,18 জুন : ৰাজ্য তথা সমগ্ৰ দেশতে কাল ৰূপ ধাৰণ কৰা মহামাৰী কৰ'ণাই কাঢ়ি নিলে বহুতৰে প্ৰাণ ৷ বিশ্বৰ অজস্ৰজনে অকালতে হেৰুৱালে আপোনজনক ৷ কৰ'ণাৰ প্ৰথম ঢৌৰ পাচতে কাল ৰূপ ধাৰণ কৰা দ্বিতীয় ঢৌৱে এফালৰ পৰা কোঙা কৰি গ'ল মানৱ জাতিক ৷ খাদ্য-বস্ত্ৰৰ অভাৱৰ লগতে আপোনজনক হেৰুৱাই দিগ-বিদিগ হেৰুৱাইছে অজস্ৰজনে ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কাল কৰ'ণা (Corona)ই অনাথ কৰিলে বহু শিশুক ৷ নিমিষতে তচনচ কৰি পেলালে বহু শিশুৰ ফুলকুমলীয়া সপোন ৷

কৰ'ণাই নিথৰুৱা কৰিলে তামুলুপুৰৰ দুই ভাই-ভনীক

তেনে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হ'ল বাক্সাৰ তামুলপুৰ মহকুমাৰ ওডালগুৰি গাঁৱত ৷ কৰ'ণাৰ দ্বিতীয় ঢৌৱে কাঢ়ি নিলে দুটি শিশুৰ পিতৃ-মাতৃক ৷ মাত্ৰ এটা দিনৰ ভিতৰত পিতৃ-মাতৃক হেৰুৱাই অনাথ হৈ পৰিল দুই ভাই-ভনী ৷ দুই সন্তানেৰে এখন সুখৰ সংসাৰ থকা পৰিয়ালটোত এতিয়া বিৰাজ কৰিছে শূণ্যতা ৷ পিতৃ-মাতৃৰ লগতে কৰ'ণাই অনাথ দুই শিশুৰ সকলো সপোন কাঢ়ি লৈ গ'ল ৷

লগতে পঢ়ক:গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন কিশোৰৰ

ঘটনা অনুসৰি, বিগত 21 মে'ত ওদালগুৰি গাঁৱৰ যুৱ ব্যৱসায়ী জীৱন বড়ো কৰ'ণাত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈছিল যদিও স্বাস্থ্যৰ অৱনতিৰ খবৰ লাভ কৰাৰ লগে লগে ব্যৱসায়ী গৰাকীৰ পত্নী ৰীণা বড়ো মানসিক ভাৱে ভাগি পৰে ৷ পতি-পত্নী দুয়োৰে স্বাস্থ্যৰ অৱনতি ঘটাত দুয়োকে পৃথকে পৃথকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও 3 জুনত ৰীণা বড়ো মৃত্যু হোৱাৰ লগতে 4 জুনত পতি জীৱন বড়োৰো চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷

ইফালে, পিতৃ-মাতৃৰ আকস্মিক বিয়োগত নিথৰুৱা হৈ পৰে দুই সন্তান ক্ৰমে, তামুলপুৰৰ চেণ্ট জেভিয়াৰ হাইস্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ মনজিৎ বড়ো আৰু দশম শ্ৰেণীৰ ছাত্ৰী বন্দিতা বড়ো ‌। নিথৰুৱা শিশু দুটিৰ কথা ভাবি এতিয়া চিন্তিত হৈ পৰিছে আত্মীয় স্বজন তথা প্ৰতিবেশী সকল ৷ পিতৃ-মাতৃৰ মৃত্যুৰ পিছত অনাথ হোৱা শিশু দুটিৰ ভৱিষ্যতৰ দায়িত্ব লোৱাৰ বাবে চৰকাৰক অনুৰোধ জনাইছে আত্মীয়-স্বজন তথা তামুলপুৰবাসী ৰাইজে ।

লগতে পঢ়ক:আৰক্ষীৰ জিম্মাতে আচামীৰ মৃত্যুৰ অভিযোগ

ABOUT THE AUTHOR

...view details