বাক্সা, ১৩ নৱেম্বৰ :হ্ৰাস পাইছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আৰু হাগ্ৰামা মহিলাৰী মাজৰ দূৰত্ব ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ শনিবাৰে সাংবাদিকৰ আগত কয়, "ড৹ হিমন্ত বিশ্ব শৰ্মা মোৰ পুৰণি বন্ধু ৷ হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰিছে সেয়াএক্সেলেণ্ট ৷"
'হিমন্ত বিশ্ব শৰ্মাৰ লগত ভিতৰুৱাভাৱে কোনো ধৰণৰ যোগাযোগ নাই ৷ কিন্তু তেওঁৰ লগত আমাৰ বুজাবুজি আছে ৷' কিছু দিনৰ পূৰ্বলৈকে দুটা মেৰুত অৱস্থান গ্ৰহণ কৰা হাগ্ৰামা মহিলাৰীয়ে হঠাৎ এইদৰে প্ৰশাংসা কৰিলে মুখ্যমন্ত্ৰী গৰাকীক ৷ উল্লেখ্য যে, উপ-নিৰ্বাচনৰ সময়ত বিপিএফে বিজেপিৰ সৈতে মিত্ৰতা কৰা প্ৰসংগও উত্থাপিত হৈছিল হাগ্ৰামা মহিলাৰীৰ মুখেৰে ৷
প্ৰশ্ন হ'ল, হাগ্ৰামা মহিলাৰীয়ে বিজেপিত যোগদান কৰিব নেকি ? ইয়াৰ লগতে সঘনাই এটা বিষয় উত্থাপিত হৈ আছে যে, বিপিএফৰ কোনো বিধায়ক বিজেপিত যোগদান কৰিব নেকি ? এই সমূহ প্ৰশ্নৰ উত্তৰত হাগ্ৰামাই কয়, হাগ্ৰামা মহিলাৰী বিজেপিত যাব বুলি ওলোৱা কথাটো এটা উৰা-বাতৰি ৷ সকলো দলেই আন দলৰ নেতা-কৰ্মীক যোগদান কৰাবলৈ চেষ্টা কৰে ৷
লগতে পঢ়ক:মণিপুৰত উগ্ৰপন্থীৰ ambush ত Assam Rifles ৰ বিষয়া সহ পৰিয়ালৰ লোক নিহত