অসম

assam

By

Published : Nov 28, 2020, 7:40 AM IST

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন : বিটিচি হাগ্ৰামা মহিলাৰীৰ ঘৰৰ সম্পত্তি নেকি !

বিজেপিৰ নেতৃত্বত বিটিচি পৰিষদ গঠন হ’লে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ মৰ্যাদা পাব সকলোৱে ৷ বিটিচিত প্ৰৱৰ্তন কৰা হ’ব পঞ্চায়ত ব্যৱস্থা ৷ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে দাখিল কৰা হ’ব দুটাকৈ গোচৰ ৷ বাক্সাত শুকুৰবাৰে এই ঘোষণা কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ চৰকাৰ গঠন কৰি হাগ্ৰামা মহিলাৰীৰ পদুলিত বনভোজ খোৱাৰ ইচ্ছা মন্ত্ৰীগৰাকীৰ ৷

himanta vs hagrama
himanta vs hagrama

বৰমা ২৭ নবেম্বৰ : ‘‘অহা ১৫ ডিচেম্বেৰৰ পৰা বিটিচিত পোহৰ হ’ব । এতিয়াৰে পৰা পোন্ধৰ বছৰৰ অন্ধকাৰৰ পৰা মুক্ত হ’ব লাগিব বিটিচিবাসী’’ । শুকুৰবাৰে বাক্সা জিলাৰ থমনাৰ ৰাসক্ষেত্ৰত বিটিচিৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কষ্টেনটাইন তিৰ্কীৰ সমৰ্থনত আয়োজিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় । ভাষণত মন্ত্ৰীগৰাকীয়ে হাগ্ৰামা মহিলাৰীক সমালোচনা কয় যে, বিটিচিবাসীয়ে সুদীৰ্ঘ বছৰ ধৰি বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বাস কৰি আহিছে । অহা ১৫ ডিচেম্বৰৰ পাচত বিটিচিত আৰু কোনেও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ’ব নালাগে ।

বাক্সাত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা

আনহাতে পৰিষদ গঠনৰ পাচত পোন্ধৰ দিনৰ ভিতৰত চক্ৰ বিষয়াই মাটিৰ অনুমতি দিব লাগিবই বুলি হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয় । হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিটিচিত সোমাবলৈ নিদিয়ে বুলি কোৱা প্ৰসংগত মন্ত্ৰী গৰাকীয়ে বিটিচি খন হাগ্ৰামা মহিলাৰীৰ ঘৰৰ সম্পত্তি নেকি বুলি প্ৰশ্ন কৰে । চৰকাৰ গঠন কৰি হাগ্ৰামাৰ পদুলিত বনভোজ কোৱাৰ কথা কৈ হাগ্ৰামাক কটাক্ষ মন্ত্ৰীগৰাকীৰ ৷ ইফালে বিটিচি চৰকাৰী চাউল, পিএম ৱাই আদিত সংঘটিত দুৰ্নীতিৰ বিষয়েও সৰব হয় মন্ত্ৰীগৰাকী । নিৰ্বাচনত বিজেপি দল জিকিলে পঞ্চায়ত ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব বুলি আশ্বাস দিয়ে হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে বিপিএফৰ নেতা সকলৰ দুৰ্নীতিৰ প্ৰসংগত তেওঁ কয় যে, বিজেপিয়ে জিকিলে প্ৰতিজন দুৰ্নীতিগ্ৰস্ত বিপিএফ সদস্য়ৰ বিৰুদ্ধে দুটাকৈ গোচৰ তৰা হ’ব । সমষ্টিটোত ৰাজেশ বৰালক বিপিএফৰ দলীয় প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় হিচাপে মুন সিং ব্ৰহ্মকো প্ৰাৰ্থীত্ব দিয়া কাৰ্যক আশ্চৰ্য প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীক নিৰ্লজ্জ মানুহ বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে । চৰকাৰী মাটিত থকা লোকক ম্যাদী পট্টা , জিলাভিত্তিক চাকৰি হোৱাৰ লগতে ভেঞ্চাৰ বিদ্যালয় সমুহৰ নিয়ম শিথিলকৰণ, ১০ কোটি টকীয়া ষ্টেডিয়াম নিৰ্মাণৰ উপৰিও ১৫ জানুৱাৰীৰ পৰা টিহু-ডুমনী পথৰ পকীকৰণ হ’ব বুলি ঘোষণা কৰে ।

বিটিচিৰ সৰ্বাংগীণ উন্নতিৰ প্ৰতিশ্ৰুতচি দিলে মন্ত্ৰী হিমন্তই

আনহাতে, থমনা প্ৰাথমিক চিকিৎসালয় ৩০ খন বিচনা যুক্ত বিচনালৈ উন্নতি কৰা হ’ব বুলি কৈ নিৰ্বাচনত কোকৰাঝাৰত মাত্ৰ বিজেপি দলৰহে পৰিষদ গঠন হ’ব । কোনো দলৰ লগত মিত্ৰতা নহয় বুলি গুৰুত্বপূৰ্ণ মত প্ৰকাশ হিমন্ত বিশ্ব শৰ্মাৰ ৷ লগতে তেওঁ ৰাইজক আশ্বাস দিয়ে যে, অসম চৰকাৰৰ সকলো আঁচনিয়েই বিটিচিত প্ৰযোজ্য হ’ব লাগিব । কেন্দ্ৰৰ আঁচনি বিটিচিত হাগ্ৰামা মহিলাৰীয়ে এটা অংশ কাটি ৰখা কাৰ্যত ক্ষুদ্ধ হৈ পৰে মন্ত্ৰী গৰাকী । এই সভাত দলৰ উপ সভাপতি তথা বাক্সা জিলাৰ প্ৰভাৰি জয়ন্ত দাস, উপ সভানেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী ৰেখা ৰাণী দাস বড়ো, সাংসদ দিলীপ শইকীয়া, কাৰ্যনিৰ্বাহক সদস্য কুমুদ দাস, বিজেপি নেতা ৰমেশ দাস, ৰিদিপ ডেকা, জিলা সভাপতি ৰাম দাহাল, সম্পাদক শৰৎ শৰ্মাকে ধৰি বহু লোক উপস্থিত থাকে।

লগতে পঢ়ক :বিটিচিত এজনো বিজেপি সৰ্মথক নাইঃ হাগ্ৰামা মহিলাৰী

ABOUT THE AUTHOR

...view details