বাক্সা, 19 জুলাই :ক'ভিড-19 ৰ সন্ত্ৰাসৰ বাবে বাতিল হোৱা বিটিচি নিৰ্বাচনক লৈ পুনৰ টঙালি বান্ধিছে বিটিচিৰ ৰাজনৈতিক দল সমূহে ৷ বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে ২৬ খনৰো অধিক আসন লাভ কৰি পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচি পৰিষদ গঠন কৰাটো নিশ্চিত বুলি মন্তব্য প্ৰদান কৰিছে তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে । ইয়াৰ উপৰিও, উক্ত সভাতে দুমুখীয়া স্থিতি গ্ৰহণ কৰা তথা দলত থাকিয়ে দলৰ বিৰোধীতা কৰা স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীকো তুলাধনা দিয়ে সভাপতি গৰাকীয়ে ৷ তামুলপুৰৰ 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিত বিপিএফৰ এক যোগদান সমাৰোহত এই মন্তব্য আগবঢ়াই সভাপতি গৰাকীয়ে ।
আনহাতে, বিপিএফৰ ৰংজাৰ খংগুৰ বসুমতাৰীৰ সভাপতিত্বত যোগদান সভাত বিজেপি আৰু ইউপিপিএল দলৰ পৰা বহু সংখ্যক নেতা কৰ্মীয়ে আনুষ্ঠানিকভাবে দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে বিপিএফ দলত ৷ নিজৰ নিজৰ দলৰ নেতৃত্বৰ প্ৰতি বিৰোধ প্ৰকাশ কৰি বিপিএফ দলৰ আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰতি আকৰ্ষিত হৈ বিপিএফত যোগদান কৰাৰ কথা সদৰি কৰে বিপিএফত যোগদান কৰা সদস্যসকলে ।