অসম

assam

বিটিআৰৰ 12 খন আসনত বিপিএফৰে জয় হ’ব: প্ৰবীণ বড়ো

By

Published : Mar 27, 2021, 3:20 PM IST

শনিবাৰে বৰমাত নিৰ্বাচনী প্ৰচাৰ বিপিএফ দলৰ ৷ বিটিআৰত বিপিএফে জয়লাভ কৰিলে উন্নয়নমূলক কামত অধিক গুৰুত্ব দিব বুলি মন্তব্য কৰে বিপিএফৰ মনোনীত প্ৰাৰ্থী প্ৰবীণ বড়োৱে ৷

prabin boro
প্ৰবীণ বড়ো

বাক্সা,27 মাৰ্চ: বাক্সাৰ বৰমাত শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই বিপিএফ দলে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত ইউপিপিএলৰ লগতে নৱ কুমাৰ শৰণীয়াৰ সমৰ্থিত বহু কেইগৰাকী নেতা-কৰ্মীয়ে যোগদান কৰে বিপিএফত ৷

বৰমা সমষ্টিৰ কালজাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি 62 নং বৰমা বিধানসভা সমষ্টিৰ বিপিএফৰ মনোনীত প্ৰাৰ্থী প্ৰবীণ বড়োৱে কয় যে, বিটিচিৰ 12 খন বিধানসভাৰ আসনতেই মহাজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব ৷ ৰাজ্যত মহাজোঁটৰ চৰকাৰ হোৱাৰ উপৰি পুনৰ বিটিআৰত বিপিএফৰ চৰকাৰ গঠন হ’ব ৷ অসমৰ ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি বিপিএফ দল যাৰ সমৰ্থনত থাকে, তেওঁলোকেই চৰকাৰ গঠন কৰিব পাৰে ৷

প্ৰবীণ বড়ো

এইবেলি নিৰ্বাচনত জয়ী হ’লে সমষ্টিটোৰ অন্তৰ্গত যাতায়াতৰ সু-ব্যৱস্থা সম্পৰ্কে অধিক গুৰুত্ব প্ৰদান কৰা হ’ব ৷ বৰমা সমষ্টিৰ সোঁ-মাজেৰে বৈ যোৱা মৰা পাগলাদিয়া নদীয়ে সঘনাই সৃষ্টি কৰা তাণ্ডৱ ৰোধ কৰাৰ বাবে বিশ্ব বেংকৰ পৰা সাহায্য লৈ ইয়াৰ স্থায়ী সমাধান কৰাৰ বাবে ব্যৱস্থা লোৱা হ’ব ৷ বড়ো-অবড়োৰ মাজৰ বিভাজনৰ অন্ত পেলোৱা হ’ব ৷ বিটিচিত ইতিমধ্যে বিপিএফ দলে যাতায়াত ব্যৱস্থা, শিক্ষাৰ লগতে বহু জন হিতকৰ কাম কৰা বুলি মন্তব্য আগবঢ়াই প্ৰাৰ্থী প্ৰবীণ বড়োৱে ৷

লগতে পঢ়ক:ৰাইজৰ দলৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলামৰ সংবাদমেল

ABOUT THE AUTHOR

...view details