বাক্সা,২ অক্টোবৰ:গান্ধী জয়ন্তীৰ দিনাও বি টি চিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বাক্সাৰ গোৰেশ্বৰত বিক্ষোভ প্ৰদৰ্শন কৰে বি পি এফে। গোৰেশ্বৰ ব্লক সমিতিয়ে নিজ নিজ অঞ্চলত ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে,কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ দোহাই দি এপ্ৰিল মাহতে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন পিছুৱাই দিয়া হৈছে আৰু বি টি এ ডিত ৰাজ্যপালৰ শাসন বাহাল আছে। ৰাজ্যপালৰ শাসনৰ সময়সীমা উকলি যোৱাৰ পূৰ্বে অৰ্থাৎ ২৭ অক্টোবৰৰ আগতে বি টি চিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাই বি পি এফে এলানি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে।
গোৰেশ্বৰত বি পি এফৰ অৱস্থান ধৰ্মঘট - বি টি চিৰ পৰিষদীয় নিৰ্বাচন
বি টি চিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বাক্সাৰ গোৰেশ্বৰত বি পি এফৰ অৱস্থান ধৰ্মঘট। বি পি এফে আৰম্ভ কৰা আন্দোলনৰ চতুৰ্থ দিনৰ কাৰ্যসূচী হিচাপে গোৰেশ্বৰ ব্লক সমিতিয়ে নিজ নিজ অঞ্চলত সাব্যস্ত কৰে প্ৰতিবাদ। নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনালে বি পি এফৰ নেতা-কৰ্মীয়ে।
গোৰেশ্বৰত বি পি এফৰ অৱস্থান ধৰ্মঘট
ইয়াৰে অংশ হিচাপে বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আন্দোলন আৰম্ভ হোৱাৰ আজি চতুৰ্থ দিনটোত গোৰেশ্বৰ ব্লক সমিতিয়েও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যপালৰ শাসন বৃদ্ধি নকৰিবলৈও দাবী জনায়। বি টি এডি অসমৰে অংশ বুলি কৈ নিৰ্বাচনক লৈ অসমৰ বুদ্ধিজীৱিয়ে পৰামৰ্শ দিয়া উচিত বুলি মন্তব্য কৰে গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে। লগতে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় বি পি এফৰ নেতা-কৰ্মীয়ে।