বাক্সা, ৫ ছেপ্টেম্বৰ:বালি মহলৰ পৰা অবৈধভাৱে গুণ্ডাকৰ সংগ্ৰহ কৰিব বিচৰা এটা ফোন কল ভাইৰেল হোৱাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কুমুদ দাস আৰু দলৰ বাক্সা জিলাৰ সভাপতি শৰৎ শৰ্মাই । উল্লেখ্য় যে কেইদিনমান পূৰ্বে বাক্সা জিলা এছ টি মৰ্চাৰ সভাপতি মধুৰাম নাৰ্জাৰীৰ মোৱাইল ফোনৰ পৰা বাক্সা জিলা এছ টি মৰ্চাৰ বহিস্কৃত সদস্য বিকাশ বৈশ্যই বাক্সা জিলাৰ বালি মহলৰ পৰা অবৈধ কৰ সংগ্ৰহৰ কাৰণে অনুমতি বিচাৰি ফোন কৰিছিল ৰাজ্যিক কাৰ্যনিৰ্বাহক কুমুদ দাসক ।
বহু সময় ধৰি ফোন কৰি কুমুদ দাসক বিৰক্তি কৰাত বিজেপি নেতা কুমুদ দাসে এই বিষয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক সুধিব লাগিব বুলি মন্তব্য কৰিছিল । কিন্তু তেওঁলোকৰ মাজত হোৱা কথোপকথনৰ অডিঅটো এই বালি মহলৰ লগত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা জড়িত থকা বুলি একাংশ সংবাদ মাধ্যমে অপপ্ৰচাৰ কৰাত মঙলবাৰে বাক্সা প্ৰেছ ক্লাৱ বৰমাত এক সংবাদমেল যোগে বিজেপি নেতা কুমুদ দাস আৰু জিলা সভাপতি শৰৎ শৰ্মাই সকলো কথা স্পষ্ট কৰি দিয়ে ।