বাক্সা, ২৩ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনি সপ্তাহ । ইতিমধ্যেই ঠায়ে-ঠায়ে মনোনয়ন দাখিল আৰম্ভ হৈ গৈছে । প্ৰাৰ্থীত্ব প্ৰদানৰ কামো আৰম্ভ হৈ গৈছে ৰাজনৈতিক দলসমূহৰ মাজত । প্ৰাৰ্থীত্ব প্ৰদানৰ বাবেই শনিবাৰে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে গোৰ্খা ছাত্ৰ সন্থাই । ৰাজ্যখনৰ ২৫ লক্ষ গোৰ্খা জনগোষ্ঠীক বঞ্চনা কৰাৰ বাবে জাঙোৰ খাই উঠে গোৰ্খা ছাত্ৰ সন্থা ।
বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ গোৰ্খা ছাত্ৰ সন্থাৰ - প্ৰতিবাদ
পল্লৱলোচন দাসক তেজপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ
বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ গোৰ্খা ছাত্ৰ সন্থাৰ
উল্লেখযোগ্য যে গোৰ্খা জনগোষ্ঠীৰ একমাত্ৰ প্ৰতিনিধি আৰ পি শৰ্মাক বঞ্চনা কৰি বিজেপি দলে পল্লৱলোচন দাসক তেজপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা বাবে ক্ষোভিত হৈ পৰে গোৰ্খা ছাত্ৰ সন্থা । যাৰ বাবে গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী,ৰাজ্যিক বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় সভাপতিৰ প্ৰতিমুৰ্তী দাহ কৰে ।