অসম

assam

By

Published : Jun 20, 2019, 8:03 AM IST

ETV Bharat / state

বিটিচিৰ উন্নয়ন ? বাঁহৰ দলঙেৰে যাতায়ত এখন গাঁৱৰ ৰাইজৰ

বাৰম্বাৰ অনুৰোধৰ পিছতো গা নলৰিল জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ ৷

বাক্সাত বিটিচি গঠনৰ 16 বছৰৰ পিছতো বাঁহৰ দলঙেৰে যাতায়ত এখন গাঁৱৰ ৰাইজৰ

বাক্সা,20 জুনঃ বাঁহৰ দলঙেই যাতায়তৰ একমাত্ৰ সম্বল বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কাদংঙা গাঁওবাসীৰ ৷ কাদংঙা আৰু উপচৰীয়া সংযোগী পথত থকা বাঁহৰ দলংখনে জীয়াতু ভোগাইছে গাঁৱৰ সাধাৰণ ৰাইজক ৷ বাক্সাত বিটিচি গঠনৰ 16 বছৰৰ পিছতো বাঁহৰ দলঙেৰে যাতায়ত অব্যাহত ৰাখিছে গাঁৱৰ ৰাইজ ৷ ৰাইজে বছৰ বছৰ ধৰি মেৰামতি কৰি যাতায়তৰ বাবে ব্যৱহাৰ কৰি আহিছে গেৰুৱা নৈৰ ওপৰত বাঁহৰ দলং খন ৷ প্ৰতিটো নিৰ্বাচনৰ সময়তেই জনপ্ৰতিনিধি সকলে আহি ৰাইজক দলং নিৰ্মাণৰ আশ্বাস প্ৰদান কৰে যদিও বৰ্তমানলৈ গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ।

বাক্সাত বিটিচি গঠনৰ 16 বছৰৰ পিছতো বাঁহৰ দলঙেৰে যাতায়ত এখন গাঁৱৰ ৰাইজৰ

উল্লেখ্য যে,58 নং তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কাদংঙা গাঁৱৰ ৰাইজৰ বাৰম্বাৰ অনুৰোধৰ পাছতো আজিলৈকে কোনো এগৰাকী জনপ্ৰতিনিধিয়ে বড়ো,ৰাভা আৰু শৰণীয়া জনগোষ্ঠীৰ বসতি প্ৰধান কাদংঙা গাওঁখনক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ গাঁওখনৰ ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details