অসম

assam

By

Published : Oct 4, 2019, 5:44 PM IST

ETV Bharat / state

বাক্সাত এন আৰ চিক লৈ উত্তপ্ত পৰিস্থিতি

এন আৰ চিক লৈ উত্তপ্ত পৰিস্থিতি বাক্সাত ৷ ভৌকামাৰী কেইবাজনো লোকক সীমান্ত আৰক্ষীয়ে দ্বি ভোটাৰৰ জাননী দিবলৈ অহাৰ সময়তে সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতি ।

বাক্সাত এন আৰ চিক লৈ উত্তপ্ত পৰিস্থিতি

বাক্সা, ৪ অক্টোবৰঃ বাক্সাৰ ভৌকামাৰীত উত্তপ্ত পৰিস্থিতি । সীমান্ত আৰক্ষীক আবদ্ধ কৰি ৰাখে উত্তেজিত ৰাইজে । স্থানীয় কেইবাজনো লোকক সীমান্ত আৰক্ষীয়ে দ্বি ভোটাৰৰ জাননী দিবলৈ অহাৰ সময়তে সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতি । অৱশ্যে পাচত শালবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সীমান্ত আৰক্ষীক উদ্ধাৰ কৰে । উল্লেখ্য যে এন আৰ চিত নাম থকাৰ পিচতো সীমান্ত আৰক্ষীয়ে দ্বি ভোটাৰৰ জাননী দিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

বাক্সাত এন আৰ চিক লৈ উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details