বাক্সা,৯ মে': বাক্সাৰ জামুগুৰিৰ যুৱ সমাজৰ উদ্যোগত ব'হাগ বিহু উদযাপন ।বাক্সাৰ তামুলপুৰ মহকুমাৰ জামুগুৰী যুৱ সমাজৰ উদ্যোগত ভেৰাখাট মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পথাৰত ৮ মে' বুধবাৰে পুৱাৰ ভাগত বৃক্ষৰোপণ আৰু ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন খেল ধেমালি আদিৰে ৰঙালী বিহু উদযাপন কৰে।
বাক্সাত সমূহীয়াকৈ ব'হাগ বিহু উদযাপন - তামুলপুৰ
বাক্সাৰ তামুলপুৰ মহকুমাৰ জামুগুৰী যুৱ সমাজৰ উদ্যোগত বাৰেবৰণীয়া মুকলি সাংস্কৃতিক কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন ।
আনহাতে বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী মৰ্মে ৯ মে' বৃহস্পতিবাৰে পুৱা ৮ বজাত অনুষ্ঠিত হয় সামূহিক চাফাই অভিযান। পুৱা ১০ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু দুপৰীয়া ১২ বজাত আয়োজন কৰে কুইজ প্ৰতিযোগিতা। দুপৰীয়া ২ বজাত বাৰেবৰণীয়া মুকলি সাংস্কৃতিক কৃষ্টি প্ৰদৰ্শন অনুষ্ঠানত হুঁচৰি বিহু দল, বৈশাগু দল,ৰাভা কৃষ্টি দল আৰু নেপালী সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰে। উল্লেখ্য যে সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে ২৬নং দৰঙ্গাজুলি বিটিচিৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীয়ে। জানিব পৰা মতে,সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ অঞ্জালী সোণা বসুমতাৰী, ৰুবিন বড়ো আৰু বাঁহী চৌধুৰী।