বাক্সা, 7 নৱেম্বৰঃ সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নাগ্ৰীজুলি আঞ্চলিক সমিতি,বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নাগ্ৰীজুলি আঞ্চলিক সমিতি,প্ৰাক্তন বিটিএফ জনকল্যাণ সমিতিৰ লগতে আন কেবাটাও বাঙালী দল সংগঠনৰ সহযোগত শুকুৰবাৰে তামুলপুৰ মহকুমাৰ ভূটান সীমান্তৰ গুৱাবাৰীৰ মহেন্দ্ৰ নগৰত নৱ গঠিতভাৰতীয় গণ পৰিষদ দলৰ নৱ নিৰ্বাচিত সভাপতি শ্যামল চৰকাৰক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনায় ৷
গুৱাবাৰীত ভাৰতীয় গণ পৰিষদৰ সভাপতি শ্যামল সৰকাৰক সম্বৰ্ধনা - BHARATIYA GANA PARISAD NEWS BAKSHA
আগন্তুক বিটিচি নিৰ্বাচনত যি দলকে আপোনালোকে ভোট দান কৰে কৰক ৷ কিন্ত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত আমি দেখুৱাই দিম আমি কাৰ দল ৷ ৰাজ্যত থকা নব্বৈ লাখ বাঙালী ভোটাৰৰ লগতে গোৰ্খা,আদিবাসী লোকৰ সমৰ্থন লাভ কৰা ভাৰতীয় গণ পৰিষদ দলে দেখুৱাব দলৰ শক্তি ৷ অহা নিৰ্বাচনত ভাৰতীয় গণ পৰিষদ দলে অতি কমেও বিশ খনতকৈ অধিক আসনত দখল কৰিবলৈ সক্ষম হম ৷
সম্বৰ্ধনা উপলক্ষেআহ্বায়ক সমিতিৰ সভাপতি মৃণাল বিশ্বাসৰ সভাপতিত্ব অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা ৷ ভাৰতীয় গণ পৰিষদ দলৰ সভাপতি শ্যামল চৰকাৰে ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ কৰি নিজৰ ভাষণত কয় যে,ভাৰতীয় গণ পৰিষদ দল অকল বাঙালীসকলৰ দল নহয় ৷ এইদল ৰাজ্যৰ শোষিত বঞ্চিত লাঞ্চিত, নিষ্পেষিত সকলৰ দল ৷ ভাৰতীয় গণ পৰিষদ দলৰ উত্থানত শংকিত হৈ সম্প্ৰতি বিজেপিকে ধৰি বহু ৰাজনৈতিক দলে এই দলটোক কেৱল বাঙালী হিন্দুৰ দল বুলি অপপ্ৰচাৰত নামি পৰিছে ৷ আগন্তুক বিটিচি নিৰ্বাচনত যি দলকে আপোনালোকে ভোট দান কৰে কৰক ৷ কিন্ত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত আমি দেখুৱাই দিম আমি কাৰ দল ৷ ৰাজ্যত থকা নব্বৈ লাখ বাঙালী ভোটাৰৰ লগতে গোৰ্খা,আদিবাসী লোকৰ সমৰ্থন লাভ কৰা ভাৰতীয় গণ পৰিষদ দলে দেখুৱাব দলৰ শক্তি ৷ অহা নিৰ্বাচনত ভাৰতীয় গণ পৰিষদ দলে অতি কমেও বিশ খনতকৈ অধিক আসনত দখল কৰিবলৈ সক্ষম হম ৷ "আজি নহয় যদি কেতিয়াও নহয়"এই শ্ল'গানেৰে আমি ইতিমধ্যে ২০২১ লক্ষ্য স্থিৰ কৰি লৈছো ৷ বিগত সময় ছোৱাত বিজেপি দলে ধৰ্মৰ নামত ৰাজনীতি কৰি আমাক ভাগ ভাগ কৰিলে ৷ দিল্লী-দিছপুৰ দখল কৰাৰ স্বাৰ্থত বিজেপি দলে অসমৰ হিন্দু বাঙালী সকলৰ সকলো সমস্যা সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দি নিৰ্বাচনী বৈতৰণী পাৰ হৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে বঙালী সকলৰ সমস্য সমাধানৰ ফালে পিঠি দিলে ৷ ২০১৬ চনৰ পাচৰ পৰাই ডি ভোটাৰ,এন আৰ চিৰ নামত ১০০ বছৰতকৈও অধিক কাল ধৰি ৰাজ্যত বসবাস কৰা হিন্দু বাঙালী সকলৰ ওপৰত হাৰা শাস্তি আৰম্ভ কৰি দিলে ৷ বিজেপি দলে বাঙালী সকলৰ ওপৰত চলোৱা এই হাৰাশাস্তিৰ উচিত প্ৰত্যুত্তৰ দিবলে সাজু হৈছে ৷
আমাক লাগে উন্নয়ন ৷ আমাক নালাগে মোগল সভ্যতা ৷ জাতিৰ নামত ভাষাৰ নামত ধৰ্মৰ নামত ৰাজনীতি কৰি আমাক ভুলাব নোৱাৰিব ৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে স’ততে বৰাক -ব্ৰহ্মপুত্ৰ ,পাহাৰ-ভৈয়ামৰ কথা কৈ থকা অসমত এতিয়া খিলঞ্জীয়া কোন বুলিও প্ৰশ্ন কৰে ভাৰতীয় গণ পৰিষদ দলৰ সভাপতি শ্যামল সৰকাৰে ৷ সভাত অংশ গ্ৰহ‘ কৰি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি মন্টু দেই কয়,বিগত সময় ছোৱাত বাঙালী হিন্দু সকলক বিভিন্ন প্ৰকাৰে বিভিন্ন চৰকাৰে লাঞ্চিত বঞ্চিত কৰি আহিছে ৷ বাঙালী সকলকসকেৱল ভোট বেংক হিচাপে ব্যবহাৰ কৰি আহিছে ৷ ৭০ বছৰে কংগ্ৰেছে ৰাজত্ব কৰাৰ সময়তো বাঙালী সকল বঞ্চিত হৈ আছিল আৰু এতিয়া বিজেপি দলেও বাঙালী সকলৰ ওপৰত শোষণ চলাইছে ৷ কিন্তু বাঙালী সকলৰ এইবাৰ কাকো শোষণৰ সুবিধা নিদিয়ে ৷ অহা বিধানসভাৰ নিৰ্বাচনত বিজেৰি দলক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ৷
লগতে চাওকঃ গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সাংসদ নৱ শৰণীয়াৰ