বৰমা, 16 জুন :বাক্সা জিলাৰ 24 নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত হৈ ইউপিপিএল দলৰ কেন্দ্ৰীয় মহিলা কোষৰ সভানেত্ৰী বিনা গয়াৰীয়ে কয় বিপিএফ দলে নিকৃষ্ট ৰাজনীতি কৰিছে ৷ নিজৰ খেয়াল খুচি মতে বিটিএডিত 17 বছৰ শাসন কৰিলে য'ত মহিলাসকলৰ কাৰণে একো উন্নয়ন কৰিব নোৱাৰিলে ৷ মহিলা সৱলীকৰণ কৰা বুলি সততে হাগ্ৰামা মহিলাৰীয়ে ভাষণ দি থাকে কিন্তু একো কৰিব নোৱাৰিলে বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷
বিটিচিত অধিকাৰৰ পৰা বঞ্চিত হৈছে মহিলাসকল - বিটিচিৰ পৰিষদীয় নিৰ্বাচন
বিটিএডিত নিকৃষ্ট ৰাজনীতি কৰিছে বিপিএফ দলেঃ বিনা গয়াৰী, ইউপিপিএল মহিলা গোটৰ সভানেত্ৰী ৷
বিটিএডিত নিকৃষ্ট ৰাজনীতি কৰিছে বিপিএফ দলে
বিপিএফ দলে এতিয়া পতাকাৰ ৰাজনীতি কৰিছে ৷ গণ ভিত্তি নোহোৱা বিপিএফ দলে ৰাষ্টাৰ কাষে কাষে, পদুলিয়ে পদুলিয়ে দলৰ পতাকা আঁৰি দিছে ৷ যি পতাকা দলৰ চিনাকি, সন্মানৰ প্ৰতীক চিন তাক য'তে ত'তে ব্যৱহাৰ কৰা কাৰ্য ধিক্কাৰৰ যোগ্য বুলি কয় সভানেত্ৰীগৰাকীয়ে ৷ আনহাতে এইবাৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলে ক্ষমতালৈ আহিব বুলিও কয় বিনা গয়াৰীয়ে ৷